/asomiyapratidin/media/media_files/2025/08/06/1-2025-08-06-14-05-52.jpg)
অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজি এই প্ৰতিযোগিতাত শিৱসাগৰৰ বিদ্যাকুঞ্জৰ ষষ্ঠ শ্রেণীৰ ছাত্ৰী প্রজ্ঞা দিহিঙ্গীয়াইলিখা এই চিঠিখন আগবঢ়োৱা হৈছে....
মৰমৰ ককা...
স্থানঃ- শিৱসাগৰ, তাৰিখঃ ২৩/৭/২০২৫
মৰম ল'বা। তুমি ঢুকোৱাৰ আজি ১০ বছৰেই হ'ল। মায়ে কয়, তুমি হেনো মোক গুৱাহাটীৰ পৰা আহি মোক তিনি আলিলে চাইকেলত তুলি লৈ যোৱা, মোৰ তেতিয়া ২ বছৰ আছিল। মোৰ কিন্তু এতিয়াও মনত আছে। তোমালৈ কেতিয়াবা বৰকৈ মনত পৰে।
আইতায়ে কয় তুমি হেনো আকাশত থকা তৰাবোৰৰ মাজৰে এজন, মই জোনাক ৰতি আইতাৰ কোলাত বহি তোমাক আকাশত বিচাৰি ফুৰো ককা। তোমাক চোন বিচাৰিয়েই নাপাও। ককা, তোমালে বৰকে মনত পৰে। যদি তুমি মোৰ ওচৰত এতিয়া থাকিলা হেঁতেন, তুমি মোক বৰ মৰম কৰিলা হেঁতেন ন ককা?
আৰু তুমি হেনো মই সৰু হৈ থাকোতে গুৱাহাটীৰ পৰা আহোতে এগাল মান কাপোৰ আনিছিলা? ককা, তুমি যদি এতিয়াও মোৰ ওচৰত থাকিনা হেঁতেন! মোৰ লগৰ ছোৱালী সকলোৰে ককাক আছে। কেৱল মোৰ যে নাই।
ককা তুমি ইমান সোনকালে আমাক - পেহী, আইতা, দেউতা-মা, মোক এৰি থৈ গ'লা? তুমি থকা হ'লে আমাৰ ঘৰখন সম্পূর্ণ হৈ থাকিলে হয়। ককা আজিও তুমি য'তেই আছা ভালে থাকা আৰু আমাক আশীৰ্বাদ দি থাকিবা।
ইতি,
তোমাৰ মৰমৰ ধুনমানু
প্রজ্ঞা দিহিঙ্গীয়া, ষষ্ঠ শ্রেণী
ঠিকনাঃ-বকতা দিহিঙ্গীয়া গাঁও
ডাকঘৰ:- চৰুভঙ্গা, শিৱসাগৰ
পিনঃ-৭৮৫৬৭৪
ফোনঃ-৭০৮৬৫০৬২০০
বিদ্যালয়ঃ-বিদ্যাকুঞ্জ, খামুন শিৱসাগৰ