নিষ্ঠা, আস্থা আৰু বিশ্বাসৰ বাটেৰে…

নিষ্ঠা, আস্থা আৰু বিশ্বাসৰ বাটেৰে…

author-image
asomiyapratidin
New Update
নিষ্ঠা, আস্থা আৰু বিশ্বাসৰ বাটেৰে…

আজিৰেপৰা অসমীয়া প্ৰতিদিনে আৰম্ভ কৰিছে আন এক যাত্ৰা। এই যাত্ৰাত সংগী আপুনিও। নতুনত্বৰ সন্ধানেৰে পৰিৱৰ্তনশীল সময়ৰ সৈতে খোজ মিলাই আমি আগবাঢ়িব বিচাৰিছো। মানুহৰ হাতে হাতে এতিয়া ইণ্টাৰনেট সংযুক্ত ম'বাইল, ডিজিটেল মাধ্যমত উপলব্ধ দেশ-বিদেশৰ খবৰ।

Advertisment

ইণ্টাৰনেটে বিশ্বক এক ক্ষুদ্ৰ সংস্কৰণ কৰি পেলাইছে। হাতৰ মুঠিতেই সকলো, ইচ্ছা কৰিলেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰ হাততে পাব পাৰে। এনে প্ৰেক্ষাপটতেই দেশ-বিদেশৰ লগতে উত্তৰ-পূবৰ খবৰৰ সৈতে বিশ্বাসযোগ্যতাৰে অসমীয়া প্ৰতিদিনেও আপোনালোকক সংযুক্ত কৰাৰ উদ্দেশ্যেই আৰম্ভ কৰিছে এই ডিজিটেল যাত্ৰা।

যি দায়ৱদ্ধতাৰে কাকতখনে জাতীয় জীৱন সমৃদ্ধ কৰিছে, একেই দায়ৱদ্ধতাৰে এই বাটতো খোজ দিয়াৰ প্ৰয়াস কৰিছো আমি। এয়া গতিশীল সময়ৰ অৱশ্যাম্ভাৱী পৰিণতি যে, বহু সময়ত পুৱা ছপা মাধ্যমত প্ৰকাশিত এটা খবৰৰ ঘটনা প্ৰবাহ ২৪ ঘণ্টাৰ ভিতৰত এনে দ্ৰুত হাৰত সলনি হয় যে বহু সময়ত এনে পৰিৱৰ্তনে বহুতকে বিভ্ৰান্তিত পেলায়। সেয়ে মাজৰ এই সময়খিনিত পৰিৱৰ্তিত ঘটনা প্ৰবাহ সঠিক সময়ত সঠিকভাৱে পাঠকক অৱগত কৰি থাকিবলৈকে ডিজিটেল মাধ্যমৰ অপৰিহাৰ্যতা আহি পৰিছে।

খবৰৰ এই পৃথিৱীত এনে নতুন সংযোজনে নিশ্চয় অসমীয়া সংবাদমাধ্যমক সমৃদ্ধ কৰিব। অসমৰ বাতৰি কাকতসমূহৰ ভিতৰত ৰাইজৰ সৰ্বাধিক সমাদৰ আৰু বিশ্বাসযোগ্যতা আদায় কৰিবলৈ সক্ষম হোৱা 'অসমীয়া প্ৰতিদিনে' ডিজিটেল মাধ্যমক সংগী কৰি লৈ আৰম্ভ কৰা এই যাত্ৰাত আন ছ'চিয়েল মিডিয়াৰ ভূমিকাও হ'ব অন্যতম। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো খবৰ আপোনাৰ ওচৰলৈ লৈ যোৱাৰ লগতে বিভিন্ন বিষয়ৰ চিন্তা-চেতনাৰ এখন নতুন মঞ্চ হ'ব আমাৰ এই ডিজিটেল ডেস্ক।

আমি আশাবাদী এই নতুন যাত্ৰাত আস্থা আৰু বিশ্বাসৰ ভেটি অধিক সুদৃঢ় কৰি নতুন মাধ্যমটোৰ জৰিয়তে পূৰ্বৰ দৰেই আপোনালোকৰ আশীৰ্বাদ লাভ কৰিবলৈ আমি সক্ষম হ'ম। তাৰ ভেটিতে তৈয়াৰ হ'ব এনে এক সুস্থ বাতাবৰণৰ পৰিকাঠামো যাৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূবক সবলভাৱে বিশ্ব প্ৰেক্ষাপটত আমি উপস্থাপন কৰিবলৈ সক্ষম হ'ম।

ইয়াৰ বাবে আপোনালোকৰ সক্ৰিয় সহযোগ আৰু দিহা-পৰামৰ্শ আমি লাভ কৰাৰ লগতে বিশ্বস্ত বন্ধুৰ দৰে আমাক আগুৱাই লৈ যোৱাত আপোনালোক দিকনিৰ্ণায়ক হ'ব বুলি আমি যিদৰে আশা কৰো, সেইদৰে পুনৰ কওঁ আমি সামাজিক দায়ৱদ্ধতাক কেতিয়াও আওকাণ নকৰো আৰু খবৰৰ সমান্তৰালভাৱে বৌদ্ধিক চিন্তা-চৰ্চাৰ ৰুচিপূৰ্ণ এক ক্ষেত্ৰ প্ৰস্তুত কৰাৰ বাবে এই 'ডিজিটেল ডেস্ক' উৎসৰ্গিত হ'ব।