দেশত ১৯ শতাংশ বৃদ্ধি পাইছে ডিজিটেল পেমেণ্ট, অতিক্ৰম কৰিলে ৯ লাখ কোটি টকা

ভাৰতৰ ব্যৱসায়ীসকলে আঁকোৱালি লৈছে ডিজিটেল পেমেণ্টক। বিগত কেইবা বছ ধৰি দেশত এই পৰিসংখ্যা ১৯ শতাংশ বৃদ্ধি পাই ৯,১০,০০০ কোটি টকা (৯.১ ট্ৰিলিয়ন টকা) হৈছে।

author-image
Asomiya Pratidin
New Update
payment

ডিজিটেল ডেস্কঃ ভাৰতৰ ব্যৱসায়ীসকলে আঁকোৱালি লৈছে ডিজিটেল পেমেণ্টক। বিগত কেইবা বছ ধৰি দেশত এই পৰিসংখ্যা ১৯ শতাংশ বৃদ্ধি পাই ৯,১০,০০০ কোটি টকা (৯.১ ট্ৰিলিয়ন টকা) হৈছে। বুধবাৰে প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। 

Advertisment

ইফালে, ইকুইৰাছ ছিকিউৰিটিজে সংকলন কৰা তথ্য অনুসৰি, ইউপিআইৰ ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ (পি টু এম) পেমেণ্ট আটাইতকৈ ডাঙৰ চালক হৈয়ে আছে। এই পৰিসংখ্যা বছৰি ২২ শতাংশ বৃদ্ধি পাই ৬.৮ ট্ৰিলিয়ন টকা হৈছে। আনহাতে ক্ৰেডিট কাৰ্ডৰ ব্যয় ১৫ শতাংশ বৃদ্ধি পাই ১.৮ ট্ৰিলিয়ন টকা হৈছে। অৱশ্যে, ডেবিট কাৰ্ডৰ ব্যয় বিগত বছৰৰ তুলনাত ১৪ শতাংশ হ্ৰাস পাই ৩৫,৩০০ কোটি টকা হৈছে। জুন মাহত মুঠ বজাৰৰ অংশীদাৰিত্বৰ ৭৪.৫ শতাংশ ইউপিআই-পিটুএমৰ হাতত থকাৰ বিপৰীতে ক্ৰেডিট কাৰ্ডৰ হাতত আছিল ২০ শতাংশ।

চলিত সপ্তাহৰ আৰম্ভণিতে সংসদক জনোৱা হৈছিল যে, ভাৰতত ২০ বিত্তীয় বৰ্ষৰ পৰা ২৫ বিত্তীয় বৰ্ষৰ ভিতৰত ৬৫ হাজাৰ কোটিতকৈ অধিক ডিজিটেল পেমেণ্ট লেনদেন ৰেকৰ্ড কৰা হৈছে। ইয়াৰ মুঠ মূল্য ১২ হাজাৰ লাখ কোটি টকা অতিক্ৰম কৰিছে।

ইফালে, ২৮ জুলাইত লোকসভাত লিখিত উত্তৰত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধাৰীয়ে সদৰি কৰে যে, বিশেষকৈ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰত ডিজিটেল পেমেণ্ট গ্ৰহণৰ ক্ষেত্ৰত ত্বৰান্বিত কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই), ভাৰতীয় নেচনেল পেমেণ্টছ কৰ্পৰেশ্যন (এন পি চি আই), ফিনটেক ফাৰ্ম, বেংক, আৰু ৰাজ্য চৰকাৰৰ সৈতে সক্ৰিয় সহযোগিতা আগবঢ়াই আহিছে।

ইউপিআইৰ ডিজিটেল পেমেণ্ট