/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-26/rvu8sq7w/6a85fea7-f3b6-4dd8-a01b-8ca58813fe94.jpg)
ডিজিটেল ডেস্কঃ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ মাতৃ কুশলে আছে। তেওঁ সম্পূৰ্ণ সুস্থ আৰু দৈনন্দিন কাম-কাজ সুন্দৰভাৱে কৰি আছে। আজি পুৱা প্ৰচাৰিত এক খবৰৰ আঁত ধৰি আৰক্ষী আয়ুক্তগৰাকী নিজেই এই কথা স্পষ্ট কৰি দিয়ে। উল্লেখ কৰা প্ৰয়োজন যে, আজি পুৱা ৫.০৫ বজাত অভিযন্তা দিগন্ত বৰুৱাৰ মাতৃ কিৰণ বৰুৱাৰ মৃত্যু হৈছিল।
স্বাধীনতা সংগ্ৰামী কুমুদ চন্দ্ৰ বৰুৱাৰ পত্নীৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱা লগে লগে বহুতে ইয়াক আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ মাতৃ বুলি শোক প্ৰকাশ কৰে। ইয়াৰ আধাৰতে প্ৰতিদিন ডিজিটেলত সেই বাতৰি প্ৰকাশ পাইছিল। কিন্তু সময়ত ভুল শুধৰোৱা হয়। তথাপি অনিচ্ছাকৃতভাৱে হোৱা এই ভুলৰ বাবে দিগন্ত বৰাৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী। লগতে তেওঁৰ মাতৃৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলো।
Also Read: ৰূপহী ৰঙিয়াৰ সৌজন্যত নৃত্য প্ৰতিযোগিতা...