বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক অনিল বৰাৰ বিয়োগত ভিন ভিন দল-সংগঠনৰ শোক

ৰাজ্যখনৰ এজন অগ্ৰণী শিক্ষাবিদ, সাহিত্যিক, সমালোচক তথা গুৱাহাটীৰ‌ কামাখ্যা ৰাম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ অনিল বৰাৰ বিয়োগত ভিন ভিন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে

author-image
Asomiya Pratidin
New Update
শিক্ষাবিদ

ডিজিটেল সংবাদ, গুৱাহাটী : ৰাজ্যখনৰ এজন অগ্ৰণী শিক্ষাবিদ, সাহিত্যিক, সমালোচক তথা গুৱাহাটীৰ‌ কামাখ্যা ৰাম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ অনিল বৰাৰ বিয়োগত ভিন ভিন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে । "অসমৰ সমাজ জীৱনলৈ মাৰোৱাড়ী  অসমীয়াসকলৰ অৱদান" শীৰ্ষক গ্ৰন্থৰ বাবে শিৱসহায় সাৱৰমল সাংগেনেৰীয়া সাহিত্য বঁটাৰে সন্মানিত হোৱা অনিল বৰাৰ বিয়োগত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে। 

Advertisment

শৰ্মাই কয়- 'ৰামধেনুৰ পাতত‌ সাহিত্য সাধনাৰে আজিৰ প্ৰেক্ষাপটত জিলিকি থকা উজ্জ্বল নক্ষত্ৰ। তেওঁৰ মৃত্যু অসমীয়া সাহিত্যৰ বাবে বৃহৎ ক্ষতি ।' অসম সাহিত্য সভাৰ প্ৰাক্তন ধনভঁৰালী কিশোৰ কুমাৰ জৈনে এক শোকবা‌ৰ্তাত কয়- 'বৰাদেৱৰ আকস্মিক বিয়োগত অতি দুখ লাগিছে । তেওঁ আমাৰ বাবে মাৰ্গদৰ্শক ।' 

নিবন্ধকাৰ অনিল বৰাৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন - দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, পৰাগজ্যোতি প্ৰকাশন, অসম শিশু সাহিত্য সমাজ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি মদন দাস, সম্পাদক বিনোদ কলিতা, ব্ৰহ্মপুত্ৰ সাহিত্য সভাৰ সভাপতি কাঞ্চন কেজৰিৱাল,  সম্পাদক জীৱৰাজ জৈন প্ৰমুখ্যে ভালেমান দল-সংগঠনৰ পৰা গভীৰ শোক প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

শিক্ষাবিদ