/asomiyapratidin/media/media_files/2025/01/26/Zr1NUnt9MgGYtcXsYszr.jpg)
পাৰ্থক্য Photograph: (পাৰ্থক্য)
ডিজিটেল ডেস্কঃ ১৫আগষ্ট আৰু ২৬জানুৱাৰীৰ পতাকা উত্তোলনৰ মাজত আছে এক বিশেষ পাৰ্থক্য । জানেনে আপুনি এই পাৰ্থক্য কি? ১৫ আগষ্টত পতাকাখন ৰচীৰে মেৰিয়াই দণ্ড ডালৰ মাজ মাজভাগত থোৱা হয় আৰু উত্তোলনৰ সময়ত ৰচীডাল ধৰি টানি টানি বাঁহৰ মূৰত নি বান্ধি থোৱা হয় আৰু ২৬ জানুৱাৰীত পতাকাখন একেবাৰে বাঁহৰ মূৰত বান্ধি থয় আৰু উত্তোলনৰ সময়ত তাতে মাথো প্ৰসাৰন কৰি দিয়া হয়।
১৫ আগষ্টত আমি যি জাতীয় পতাকা উত্তোলন কৰোঁ, অফিচিয়েলি তাক Hoisting বুলি কোৱা হয়। ইয়াৰ বিপৰীতে ২৬ জানুৱাৰীত আমি জাতীয় পতাকা Unfurl হে কৰোঁ। এই দুটা শব্দৰ প্ৰকৃত অর্থ কি? ১৫ আগষ্টৰ দিনা জাতীয় পতাকাখন তলৰ পৰা ওপৰলৈ উত্তোলন কৰা হয়। তাক Hoisting বুলি কোৱা হয়। ইয়াৰ অৰ্থ এয়ে যে, এসময়ত আমি পৰাধীন আছিলো। আমাৰ পতাকা সেই সময়ত তলত আছিল। ইংৰাজৰ দাসত্বৰ পৰা মুক্ত হৈ আমি স্বাধীন হৈছো। সেয়ে আমাৰ পতাকা তলৰ পৰা ওপৰলৈ উঠোৱা হয়।
২৬ জানুৱাৰীৰ দিনা কিন্তু আমাৰ পতাকাখন দণ্ডৰ ওপৰত জাপি বান্ধি ৰখা হয়। ৰচিডালত টান এটা মাৰি সেই পতাকা কেৱল উৰিবলৈহে খুলি দিয়া হয়। সেইদিনা তলৰ পৰা পতাকাখন ওপৰলৈ নিয়া নহয়! এই প্রক্রিয়াক Unfurled বুলি কোৱা হয়। ইয়াৰ অৰ্থ এয়ে যে, আমি এখন সার্বভৌমত্ব ৰাষ্ট্ৰ, আমাৰ পতাকা সদায় দণ্ডৰ ওপৰতেই থাকিব।