/asomiyapratidin/media/media_files/2025/01/25/LSviaxYXYjABf66ELdty.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ নামতিস্থিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ-২০২৫ত গড়গাঁও মহাবিদ্যালয় দলটিয়ে সৰ্বমুঠ ১২ টা শিতানত পুৰস্কৃত হৈ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। লগতে ধৃতিপ্ৰজ্ঞা ফুকনে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে।
ধৃতিপ্ৰজ্ঞা ফুকনে খেয়াল, আধুনিক গীত আৰু জয়ন্ত সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান; গজল আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত দ্বিতীয় স্থান; অন্নপ্ৰসন্ন কাশ্যপে ঢোলবাদন প্ৰতিযোগিতাত দ্বিতীয় স্থান, ৰাহুল দাসে বাঁহীবাদন প্ৰতিযোগিতাত দ্বিতীয় স্থান, তাপশ্ৰী ৰাজকুমাৰীয়ে পাৰ্বতী প্ৰসাদ সংগীত প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বটাঁ লাভ কৰাৰ লগতে মহাবিদ্যালয়ৰ দলটোৱে সমবেত সংগীত (ভাৰতীয়) প্ৰতিযোগিতাত দ্বিতীয় স্থান আৰু দলীয় লোকনৃত্য প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে।
উল্লেখ্য যে ২০২০ বৰ্ষত গড়গাঁও মহাবিদ্যালয়ত আৰু ২০২২ বৰ্ষত দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱতো গড়গাঁও মহাবিদ্যালয় দলটিয়ে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু মহাবিদ্যালয়ৰ ছাত্ৰী অনন্যা গগৈয়ে উক্ত বৰ্ষ দুটাত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
এই বৰ্ষত তৃতীয় বাৰৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু ধৃতিপ্ৰজ্ঞা ফুকনে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তৰ লগতে অধ্যাপক, কৰ্মচাৰী, শিক্ষাৰ্থী তথা স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। অধ্যক্ষ ড° সব্যসাচী মহন্তই গড়গাঁও মহাবিদ্যালয়ৰ ধাৰাবাহিক সফলতাৰ বাবে সংশ্লিষ্ট সকলোলৈকে অভিনন্দন জনায়।
তেওঁ বঁটাপ্ৰাপকসকলৰ লগতে গড়গাঁও মহাবিদ্যালয় দলটিৰ প্ৰতিগৰাকী সদস্য, শিক্ষক-তত্ত্বাৱধায়ক মীনা ৰবিদাস, ড° মিণ্টু গগৈ, ড° দীপাংকৰ বুঢ়াগোহাঁই আৰু সন্দীপা আগৰৱালা, দলটিৰ প্ৰশিক্ষণৰ দায়িত্ব গ্ৰহণ কৰা বিশিষ্ট সংগীত শিল্পী প্ৰবীণ মহন, ৰূপম হাতীমূৰীয়া, মনদীপ গগৈ, দেবব্ৰত বৰঠাকুৰ, ৰতন কোঁৱৰ, কাশ্যপ বুঢ়াগোহাঁইৰ লগতে ছাত্ৰ একতা সভাৰ সমূহ বিষয়ববীয়াক শুভেচ্ছা জনায় আৰু মহাবিদ্যালয়ৰ গৌৰৱৰ ধাৰা অব্যাহত ৰখাৰ বাবে বিশেষভাৱে ধন্যবাদ জনায়।