/asomiyapratidin/media/media_files/2025/06/11/vZk9hfeaNqWbk0ZOATOT.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : পুজা ডেকা, ঘিলামৰাৰ হকপৰা বলাহী গাঁওৰ বাসিন্দা কৃষ্ণ ডেকা আৰু ফুলমণি ডেকাৰ কন্যা এইগৰাকী মেধাবী ছাত্ৰীৰ মেধাত্বত জুয়ে পুৰা সোণ হৈ জিলিকিল ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয় ।
সদ্য ঘোষিত বিজ্ঞান শাখাৰ স্নাতক চূড়ান্ত ষষ্ঠ ষাণ্মাসিকৰ ফলাফল অনুসৰি এইগৰাকী মেধাবী ছাত্ৰীয়ে নৃতত্ব বিভাগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি ৰৌদ্ৰোজ্জ্বল বিদ্যায়তনিক খ্যাতি আজুৰি আনিবলৈ সক্ষম হৈছে।
ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত অধ্যয়নৰত এইগৰাকী মেধাবী শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি "টপাৰ" হোৱাই নহয় ষষ্ঠ ষাণ্মাসিকৰ নৃতত্ব বিষয়ত লাভ কৰিছে ৮'০৬% নম্বৰৰ লগতে এ প্লাছ গ্ৰেড।
অমায়িক, অধ্যয়নশীল, প্ৰত্যয়ী পুজাৰ এই ইস্পিত ফলাফলত উৎসাহী উৎফুল্লিত অভিভাৱক আৰু হকপৰা বলাহী আৰু তামুলী গাঁওবাসীৰ লগতে মহাবিদ্যালয় পৰিয়াল। উল্লেখযোগ্য যে ৯০ দশকতে ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়ৰ লগত বিজ্ঞান শাখাতো সংলগ্ন কৰি স্থাপন কৰা হৈছিল।
তেতিয়াৰ পৰাই এই শাখাটো অদ্যপি চালুকীয়া পর্যায়তে আছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি লাভ নকৰা, বেচৰকাৰী পর্যায়তে অতি সীমিত আন্তঃগাঁঠনি, শিক্ষক শিক্ষাৰ্থীৰে যুগ যুগ ধৰি চলি অহা বিজ্ঞান শাখাৰ এনে দুৰ্বিসহ অভাৱ সমস্যাৰ মাজতো শাখাটোৰ শিক্ষক শিক্ষাৰ্থীৰ আত্মোৎস্বৰ্গী মানসিকতাৰ বাবেই বিশ্ববিদ্যালয়ৰ পৰ্য্যায়ত সমুজ্জল শৈক্ষিক ভোটা তৰা হৈ জিলিকিবলৈ সক্ষম হ'ল পূজা ডেকা।
মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাটোৰ নৃতত্ব বিভাগৰ মুৰব্বী অধ্যাপক মঞ্জুলা দত্ত ,শিক্ষক হীৰন দত্ত, ডেইজী গগৈ, জোনালী বৰপাত্ৰৰ গুণগত শিক্ষাদানৰ নিৰন্তৰ প্ৰয়াসৰ সুমিষ্ঠ ফচল এই ফলাফলে অবৈতনিক ভাবে শিক্ষকতা কৰি অহা এইসকল নমস্য শিক্ষাগুৰুক প্ৰচুৰ মানসিক সঞ্জীৱনী প্ৰদান কৰিছে।
মহাবিদ্যালয়খনৰ বেচৰকাৰী বিজ্ঞান শাখাৰ অবৈতনিক শিক্ষকতা কৰি জ্ঞানৰ গৰিমা বিলোৱা
শিক্ষাগুৰু সকলৰ এনে অতুল্য অৱদান প্ৰত্যক্ষ কৰি বিশ্ববিদ্যালয়ৰ ভিতৰত নৃতত্ব বিভাগত সৰ্বাধিক নম্বৰ প্ৰাপক পুজা ডেকায়ো মন বান্ধিছে শিক্ষকতাৰ পবিত্ৰ বৃত্তিৰে জড়িত হোৱাৰ। সেই লক্ষ্যৰে ইতিমধ্যে ডি এল এড পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া সম্পূর্ণ কৰি নিজস্ব প্ৰয়াস আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ ভূতত্ব বিভাগৰ মেধাবী শিক্ষাৰ্থী জয়শ্ৰী হাজৰিকায়ো প্ৰথম শ্ৰেণীৰ নৱম স্থান লাভ কৰি মহাবিদ্যালয়ৰ বিজ্ঞান শাখাতো উজ্বলাই তুলিছে। ১নং ঘিলামৰা গাঁওৰ চিৰঞ্জিত হাজৰিকা আৰু তৰালী হাজৰিকাৰ কন্যা জয়শ্ৰী।
কিছুদিন আগলৈকে প্ৰায়ে বিতৰ্কৰ শিৰোনামা দখল কৰি অহা মহাবিদ্যালয়খনৰ পূৰ্বৰ সকলো অপষশ অপবাদ মচি মেধাবী ছাত্ৰী পুজা আৰু জয়শ্ৰীয়ে আজুৰি অনা এই অভূতপূৰ্ব মেধাত্বৰ স্বীকৃতিক সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জ্ঞানদীপ বৰাই শুভেচ্ছা জ্ঞাপন কৰি অভিনন্দন জনাইছে। মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পুলক গগৈ, শিক্ষক গোট,কৰ্মচাৰী সমাজ, বিজ্ঞান শাখাৰ শিক্ষক কৰ্মচাৰী, শিক্ষাৰ্থীৰ লগতে ঘিলামৰাবাসীয়ে মেধাবী ছাত্ৰীদ্বয়ৰ এনে মেধাত্বক শুভেচ্ছা জনাইছে ।