Advertisment

ডিব্ৰুগড়ত বিজেপিৰ মধ্য মণ্ডলৰ সভাপতি নিৰ্বাচনৰ পিছত অন্তঃকণ্ডল...

ডিব্ৰুগড়ত বিজেপিৰ মধ্য মণ্ডলৰ সভাপতি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই সংঘটিত হৈছে খোদ দলৰ কৰ্মীৰ মাজতেই অন্তঃকণ্ডল। যোৱা ১৭ ডিচেম্বৰ তাৰিখে ঘোষণা হৈছিল বিজেপিৰ মণ্ডল পৰ্যায়ৰ সভাপতিৰ ফলাফল।

author-image
Asomiya Pratidin
New Update
dddd

hdjh Photograph: (kdkdk)

ডিজিটেল সংবাদ, বৰবৰুৱাঃ  ডিব্ৰুগড়ত বিজেপিৰ মধ্য মণ্ডলৰ সভাপতি নিৰ্বানৰ ফলাফল ঘোষণাৰ পিছতেই সংঘটিত হৈছে খোদ দলৰ কৰ্মীৰ মাজতেই অন্তঃকণ্ডল। যোৱা ১৭ ডিচেম্বৰ তাৰিখে ঘোষণা হৈছিল বিজেপিৰ মণ্ডল পৰ্যায়ৰ সভাপতিৰ ফলাফল।

Advertisment

ডিব্ৰুগড় সমষ্টিৰ মধ্য মণ্ডলৰ ফলাফলত সভাপতি হিচাবে নিৰ্বাচিত হৈছিল প্ৰণৱ তাঁতী। কিন্তু সপ্তাহ পাৰ হওঁতেই পুনৰ নিৰ্বাচনী বিষয়াৰ নীতি উলংঘা কৰি জিতেন বৰাইক নামৰ এজন কৰ্মীক আবেদন নকৰাকৈ নিৰ্বাচিত কৰাক লৈ ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ উপৰত ক্ষোভ উজাৰিছে পুৰণি কৰ্মী প্ৰণৱ তাঁতীয়ে। মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংগঠন পৰ্বৰ মণ্ডল সভাপতি নিৰ্বাচন কৰি ভেকুভাওনা কৰি কৰ্মশালা আয়োজন কৰাৰ অভিযোগ তুলিছে প্ৰণৱ তাঁতীয়ে।

ডিব্ৰুগড়