ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে আধাৰশিলা কৰিবলগীয়া স্থানত মৃতদেহ উদ্ধাৰ

মৃত যুৱকজন নিৰ্মালী গাঁৱৰ ৰঞ্জু কটকী বুলি জানিব পৰা গৈছে। ডিব্ৰুগড়ত মৃত যুৱকজনৰ বয়স ২৬ বছৰ। দূৰ্গা পূজাৰ নৱমীৰ পৰা নিৰুদ্দেশ হৈ আছিল মৃত যুৱকজন।

author-image
Asomiya Pratidin
New Update
bjhghgh

ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে আধাৰশিলা কৰিবলগীয়া স্থানৰ সমীপত এটা মৃতদেহ উদ্ধাৰ হয়। মৃত যুৱকজন নিৰ্মালী গাঁৱৰ ৰঞ্জু কটকী বুলি জানিব পৰা গৈছে। মৃত যুৱকজনৰ বয়স ২৬ বছৰ। দূৰ্গা পূজাৰ নৱমীৰ পৰা নিৰুদ্দেশ হৈ আছিল মৃত যুৱকজন।

লক্ষণীয় যে, মুখ্যমন্ত্ৰীৰ আগমনৰ আগে আগে নিৰাপত্তা দিশ সুনিশ্চিত কৰিবলৈ কাষৰ নলাত অভিযান চলাওতে উদ্ধাৰ হয় মৃতদেহটো। উল্লেখ কৰা প্ৰয়োজন,ডিব্ৰুগড়ৰ মানকটা পথত দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে আজি সন্ধিয়া চাৰিখনকৈ উৰনসেতুৰ আধাৰশিলা স্থাপন কৰিব।

ডিব্ৰুগড়