ধুবুৰীত ডায়েৰিয়া প্ৰতিৰোধ অভিযান-২০২৫ৰ শুভাৰম্ভণি

বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলা স্বাস্থ্য সমিতিৰ তত্বাৱধানত আগন্তুক ২৫ আগষ্ট লৈ চলিব লগীয়া ৪৫ দিনীয়া ডায়েৰিয়া প্ৰতিৰোধ অভিযান -২০২৫ৰ শুভাৰম্ভণি কৰা হয়।

author-image
Asomiya Pratidin
New Update
gfggf

ডিজিটেল সংবাদ, ধুবুৰীঃ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলা স্বাস্থ্য সমিতিৰ তত্বাৱধানত আগন্তুক ২৫ আগষ্ট লৈ চলিব লগীয়া ৪৫ দিনীয়া ডায়েৰিয়া প্ৰতিৰোধ অভিযান -২০২৫ৰ শুভাৰম্ভণি কৰা হয়। জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত শুভাৰম্ভণি অনুষ্ঠানত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী সম্পাদক, শিশু ৰোগ বিশেষজ্ঞ ডা: কুতুবুৰ ৰহমানে ডায়েৰিয়া ৰোগ প্ৰতিৰোধ, নিৰ্মূলকৰণ তথা ল'বলগীয়া প্ৰয়োজনীয় সাৱধানতাৰ সবিশেষ বাখ্যা আগবঢ়ায়।

Advertisment

ৰহমানে তেওঁৰ ভাষণত জনায় যে, বিগত এটা বছৰত ডায়েৰিয়া জনিত ৰোগত আক্ৰান্ত হৈ প্ৰায় ২ হাজাৰ শিশু ভৰ্তি হৈছিল যদিও মৃত্যুৰ হাৰ আছিল শূণ্য। তেওঁ লগতে উল্লেখ কৰে যে, ডায়েৰিয়া প্ৰতিৰোধকৰণত ব্যৱহৃত অ.আৰ.এছ আজিলৈ আটাইতকৈ জীৱন ৰক্ষাকাৰী ঔষধ ৰূপে চিহ্নিত হৈ আছে। একেদৰে, ডা: এ.টি.আব্দুল্লা সৰকাৰে ডায়েৰিয়া প্ৰতিৰোধ কৰণৰ ওপৰত তত্বগধুৰ ভাষণ ৰাখে। 

সজাগতা মুলক সভাত ধুবুৰী জিলা যুটীয়া স্বাস্থ্য কাৰ্যালয়  বিষয়া(মহামাৰী) ডা: প্ৰেৰণা খেটাৱটে দৃশ্য- শ্ৰাৱ্য যোগে আগন্তুক ৪৫ দিনীয়া কৈ চলিবলগীয়া ডায়েৰিয়া প্ৰতিৰো কৰণৰ বিস্তাৰিত কাৰ্যক্ৰমৰ বহলাই বাখ্যা আগবঢ়ায়। সভাত ধুবুৰী জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: নাট্য বীৰ দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ জিলা আঁচনি প্ৰৱন্ধক আৰিফ আহমেদ, জিলা মহামাৰী ৰোগ বিশেষজ্ঞ বিপুল জ্যোতি দাসে উপস্থিত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়বৱীয়া সকলক উদ্দেশ্যি ডায়েৰিয়া প্ৰতিৰোধকৰণৰ ক্ষেত্ৰত কৰিবলগীয়া ৪৫ দিনৰ কৰ্মসূচীত প্ৰয়োজনীয় দিহা পৰামৰ্শসহ নিৰ্দেশনা প্ৰদান কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ জিলা মিডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদে পৰিচালনা কৰা সভাখনত ধুবুৰী নগৰীয়া স্বাস্থ্য কেন্দ্ৰ সমূহৰ দায়িত্ববাহী বিষয়া ডা: এম.এইচ. খন্দকাৰসহ অন্যান্য বহু লোক উপস্থিত থাকে।

ধুবুৰী