জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ সফল সামৰণি

অসমত যথেষ্ট সম্ভাৱনা আছে। অসমৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, অসমৰ জৈৱ বৈশিষ্টতা, ভৌগোলিক দিশকে ধৰি এই সকলোবোৰ সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰিত কৰি অৰ্থনৈতিক ভেটিৰ পৰিকাঠামো দূৰ কৰিব লাগিব। আৰু এই সম্পদৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা সকল সংস্থাপিত কৰিব লাগিব

author-image
Asomiya Pratidin
New Update
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ সফল সামৰণি

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ সফল সামৰণি

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ দেওবাৰে সফলতাৰে সামৰণি পৰে। পুৱাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত বিয়লি অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যৰ উদ্যোগ, বানিজ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ৷ 

Advertisment

উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকা সভাপতিত্বত অনুষ্ঠিত সভাৰ ভাষণ প্ৰসংগত মন্ত্ৰী বিমল বৰাই কয় যে অসমত যথেষ্ট সম্ভাৱনা আছে। অসমৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, অসমৰ জৈৱ বৈশিষ্টতা, ভৌগোলিক দিশকে ধৰি এই সকলোবোৰ সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰিত কৰি অৰ্থনৈতিক ভেটিৰ পৰিকাঠামো দূৰ কৰিব লাগিব। আৰু এই সম্পদৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা সকল সংস্থাপিত কৰিব লাগিব। আমাৰ চৰকাৰে ৰাজ্যৰ সামগ্ৰীক উন্নয়নৰ বাবে কেতবোৰ কৰ্মসূচী যুগুত কৰি তাক ৰূপায়নৰ পদক্ষেপ গ্ৰহণ কৰিছে।  

উল্লেখ্য যে সভাত আদৰণি ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি তথা মহাবিদ্যালয় খনিৰ অধ্যক্ষ ড° অজিত হাজৰিকাই।

bimal bora jamugurihat padma hazarika