শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান...

ওখল মাখল জয়সাগৰ পুখুৰীৰ পাৰ
শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান...

ডিজিটেল সংবাদ, শিৱসাগৰ : মহাসতী জয়মতীৰ অতুলনীয় স্বদেশপ্ৰেম, আত্মত্যাগ, স্বামী ভক্তিৰ লগতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মাতৃপ্ৰেম অনুপম ইতিহাস বুকুত সামৰি ৰখা জয়সাগৰ পুখুৰীৰ আকাশে বতাহে এতিয়া ভাঁহি উঠিছে সেউজ কোঁৱৰ পৰাগ চলিহাৰ কালজয়ী “ পোহৰ বিচাৰি যাওঁ, পোহৰ বিচাৰি যাওঁ / আন্ধাৰৰ কাল যবনিকা ভেদি সিপাৰে কি আছে চাঁও” শীৰ্ষক গীতৰ অমিয়া সুৰ ৷ এই গীতৰ সুৰ বিশাল জয়সাগৰ পুখুৰীৰ নিৰ্মল জলৰাশিত প্ৰতিধ্বনিত হৈ সৃষ্টি কৰিছে নতুন সুৰৰ ৷ যি সুৰে শত সহস্ৰ জনক উভতাই নিছে বহু দূৰ অতীতলৈ ৷

উল্লেখ্য যে এসময়ত সমগ্ৰ ভাৰতবৰ্ষৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ভিতৰত একৈশ সংখ্যক স্থানত থকা শিৱসাগৰ কলেজ, জয়সাগৰে সগৌৰৱে ৭৫ টা বৰ্ষ অতিক্ৰম কৰিলে ৷ এবছৰীয়াকৈ অনুষ্ঠিত কৰা  মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান কালিৰে পৰা আৰম্ভ হৈছে ৷ এই অনুষ্ঠানক কেন্দ্ৰ কৰি শিৱসাগৰ কলেজ, জয়সাগৰত আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হৈছে ৷ উজনি অসমৰ নতুন প্ৰজন্মক উচ্চ শিক্ষা প্ৰদানৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ফুলনি কবি পদ্মধৰ চলিহা, সেউজ কোঁৱৰ পৰাগ চলিহাই শিৱসাগৰৰ একাংশ সমাজ সচেতন লোকৰ সহযোগত দেশে স্বাধীনতা লাভ কৰা বৰ্ষটোৰ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত স্থাপন কৰিছিল শিৱসাগৰ কলেজ, জয়সাগৰ ৷ প্ৰথমতে শিৱসাগৰ চহৰৰ কালী  প্ৰসাদ সোঁৱৰণি ভৱনত পাঠদান আৰম্ভ হৈছিল যদিও পৰৱৰ্তীকালত জয়সাগৰ পুখুৰীৰ পাৰত স্থায়ী ভাৱে কলেজ স্থাপন কৰা হয় ৷

এই কলেজে ইতিপূৰ্বে ৭৫ টা বৰ্ষ অতিক্ৰম  কৰিলে ৷ বিগত বৰ্ষৰ পহিলা নৱেম্বৰৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে শিৱসাগৰ কলেজে উদযাপন কৰি অহা মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান কালিৰে পৰা আৰম্ভ হৈছে ৷ ১৯৪৭ চনৰ পৰা বৰ্তমানলৈকে কলেজত শিক্ষা আহৰণ কৰা সহস্ৰাধিকে মহাৰজত জয়ন্তীত ভাগ লোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শিৱসাগৰ কলেজত উপস্থিত হৈছেহি ৷ যোৱা ৪০/৫০ বছৰ বা তাৰো পূৰ্বে কলেজ এৰি যোৱা শ শ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে আজি জয়া তীৰ্থ স্বৰূপ শিৱসাগৰ কলেজত ভৰি থৈ স্মৃতিকাতৰ হৈ পৰে ৷ ছাত্ৰ জীৱনত  শিক্ষা আহৰণ কৰা কলেজৰ শ্ৰেণী কোঠাত প্ৰৱেশ কৰি তেওঁলোকে অতীত স্মৃতি ৰোমন্থনেৰে ভাৱ সাগৰত বুৰ যায় ৷ তদুপৰি সময়ৰ  সুতত লগ এৰাএৰি হোৱা সেই সময়ৰ অনেক বন্ধু বান্ধৱীক আজি মহাৰজত জয়ন্তীৰ অচিলাৰে নিচেই কাষতেই লগ পাই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে অতীত  ৰোমন্থনেৰে স্মৃতিকাতৰ হৈ পৰে ৷

এনে এক পৰিবেশৰ মাজতেই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা শিৱসাগৰ কলেজৰ প্ৰাক্তন ছাত্ৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত বুৰঞ্জীবিদ ড° যোগেন্দ্ৰ নাথ ফুকন, অৰ্জুন ভোগেশ্বৰ বৰুৱা, মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ, বিজ্ঞানী ড° ৰমেশ চন্দ্ৰ বৰুৱাক সম্বদ্ধনা জনোৱা হয় ৷ কলেজৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰতিষ্ঠিত ব্যৱসায়ী তন্ময় বুঢ়াগোঁহাইয়ে তেওঁৰ পিতৃ ঠানুৰাম বুঢ়াগোহাঁই আৰু মাতৃ ঠুনুকী বুঢ়াগোঁহাইৰ স্মৃতিত লৰা হোষ্টেলৰ প্ৰবেশ দ্বাৰত নিৰ্মাণ কৰাই দিয়া সুন্দৰ তোৰণখন মুকলি কৰে কলেজৰে প্ৰাক্তন ছাত্ৰ তথা শিক্ষাবিদ মৃগেন শইকীয়াই আজি মুকলি কৰে ৷

কলেজ চৌহদত মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি আজি “২০৫০ চনত শিৱসাগৰ কলেজ” শীৰ্ষক  এক মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় ৷ কলেজৰ প্ৰাক্তন ছাত্ৰ প্ৰায় ৭২ বছৰীয়া ড° ৰজনীকান্ত গগৈৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাচক্ৰত যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দুলেন শইকীয়াই অংশগ্ৰহণ কৰি কয় যে - ২০৫০ চনৰ শিৱসাগৰ কলেজৰ কথা কল্পনা কৰিবলৈ হলে ভবিষ্যতৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ প্ৰেক্ষাপটৰ কথাও কল্পনা কৰিব লাগিব ৷ ফিনিষ্ক পক্ষীৰ দৰে শিক্ষা ব্যৱস্থা মৰি পুনৰ তাৰ পৰা জন্ম হ’ব ৷ তেওঁ শিক্ষক শিক্ষয়িত্ৰীসকলক মেন্টৰ হ’ব লাগিব বুলি মন্তব্য কৰে ৷ ভাষণ প্ৰসংগত ড° দুলেন শইকীয়াই ছাত্ৰ ছাত্ৰী সকলক  চছিয়েল মিডিয়াৰ দাসত্ত্বৰ পৰা মুকলি কৰি অনাটো অতীব প্ৰয়োজন বুলি দোহাৰি লাৰ্ণিং এপ খুলি এনে ব্যৱস্থাৰ মাজলৈ ছাত্ৰ ছাত্ৰীক লৈ যোৱাৰ ব্যৱস্থাৰ পোষকতা কৰে ৷ আনন্দদায়ক, তথা জ্ঞানদায়ক লাৰ্ণিং এপৰ যোগেদি ছাত্ৰ ছাত্ৰীক শিক্ষা আহৰণৰ লগত ব্যস্ত কৰিব লাগিব ৷ সেই সময়ত শিৱসাগৰ বিশ্ববিদ্যালয় ৰূপে পূৰ্ণতা লাভ কৰিব আৰু এই শিক্ষানুষ্ঠানৰ নিজা দূৰসংযোগী শিক্ষা আহৰণৰ ব্যৱস্থা থাকিব বুলি তেওঁ মন্তব্য কৰে ৷

আলোচনাচক্ৰত ডা° জিতেন বৰকাকতি, কলেজৰ অধ্যক্ষ ড° প্ৰফুল্ল কলিতা, চন্দ্ৰলেখা হাজৰিকা, ড° ৰমেশ চন্দ্ৰ বৰুৱাই বক্তব্য আগবঢ়াই ৷ আজি অনুষ্ঠিত হোৱা অন্তৰংগ আলাপ অনুষ্ঠানৰ আঁত  ধৰে প্ৰাক্তন ছাত্ৰ ঘনশ্যাম গগৈ আৰু নৱনীত হাজৰিকাই ৷ এই অনুষ্ঠানতেই “ৰজতপ্ৰজ্ঞ” নামৰ স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে তোৱাৰাম খনিকৰে ৷  উল্লেখ্য যে মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি কলেজৰ ১৯৮৪ চনৰ ছাত্ৰ ছাত্ৰী সকলে ইতিপূৰ্বে কলেজত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰে ৷ ডা° প্ৰশান্ত প্ৰতীম শৰ্মা, ডা° অঞ্জনা শৰ্মা, ডা° ঋত্বিক চেতিয়া, ৰঞ্জন ফুকন, ৰশ্মীন হজৰিকাকে আদি কৰি কেইবা শতাধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গুৰু সকলক আমন্ত্ৰণ জনাই আনি সমূহীয়াভাৱে সেৱা জনাই অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰে ৷ একেদৰে শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি ১৯৭৬ বৰ্ষৰ প্ৰাক স্নাতক (কলা আৰু বিজ্ঞান শাখা) ৰ শিক্ষাৰ্থী আৰু ১৯৭৮ চনত স্নাতক শ্ৰেণীত সহপাঠী হোৱা সকলৰ উমৈহতীয়া মঞ্চ 'নষ্টালজিক ১৯৭৬ জয়সাগৰ' ৰ উদ্যোগত প্ৰায় পাঁচ লাখ টকা ব্যয়েৰে কলেজ চৌহদত নিৰ্মিত এটি আটকধুনীয়া, অত্যাধুনিক জিৰণি চ'ৰা শিৱসাগৰ কলেজৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যক্ষ ড° প্ৰকাশ কটকীয়ে ইতিপূৰ্বে শুভ উদ্বোধন কৰি কলেজ কৰ্তৃপক্ষক অৰ্পণ কৰে।

উদ্বোধনী ৰ প্ৰাক মুহূৰ্তত শিৱসাগৰ কলেজৰ অধ্যক্ষ ড° প্ৰফুল্ল চন্দ্ৰ কলিতাই বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰা গাম্ভীয্যপূৰ্ণ অনুষ্ঠানটিত মংগলাচাৰণ কৰে কনমানি চামৰিণা চাদিকে । সহপাঠী অজন্তা গগৈয়ে আঁত ধৰা অনুষ্ঠানত সহপাঠী পদুম পোনা বৰুৱাই শিৱসাগৰ কলেজৰ স্মৃতি ৰুমন্থন কৰাৰ লগতে জিৰণি চ'ৰা টি নিৰ্মাণৰ ওপৰত এটি চমু বক্তব্য ৰাখে । অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই সহপাঠী উৎসবানন্দ মহন্তই। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰাক্তন শিক্ষাৰ্থী আৰু কলেজৰ উপাধ্যক্ষ তথা শৈক্ষিক বিষয়া আদি  উপস্থিত থকা সভাখনত ড° প্ৰকাশ কটকী আৰু ড° প্ৰফুল্ল চন্দ্ৰ কলিতাই শুভেচ্ছা মূলক বক্তব্য ৰাখে । এই অনুষ্ঠান সমূহৰ লগত কলেজৰ একালৰ ছাত্ৰ তথা প্ৰাক্তন অধ্যক্ষ ড° প্ৰকাশ কটকী প্ৰত্যক্ষ ভাৱে জড়িত হৈ পৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in