/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/da6a7a0a-638d-46d2-bbfc-dcfb7e6d4b08/boko_21.jpg)
boko
ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত শুকুৰবাৰে নিশা বনবিভাগৰ অভিযান । অভিযানত জব্দ চোৰাং কাঠসহ ডি আই এখন । চোৰাং কাঠ বেপাৰীয়ে এ এছ-০১ ডি ডি-৮১৪৮ নম্বৰৰ ডি আইখনেৰে প্ৰায় ৪০ কেবি শাল কাঠ কঢ়িয়াই আনিছিল ।
শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বকো বজাৰৰ মাজেৰে কাঠখিনি কঢ়িয়াই অনাৰ খবৰ লাভ কৰি শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে অভিযান চলাই এই কাঠখিনি জব্দ কৰাৰ লগতে কাঠ কঢ়িওৱা বাহনখনো জব্দ কৰিছে।