ধুবুৰীৰ ৩ সমষ্টিত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন আৰম্ভ...

ধুবুৰীত ভোটাৰ নম্বৰৰ সৈতে আধাৰ সংযোগৰ হাৰ ৰাজ্যৰ ভিতৰতে সৰ্বাধিকঃ জিলা নিৰ্বাচনী বিষয়া

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ ৩ সমষ্টিত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন আৰম্ভ...

সংযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

ডিজিটেল সংবাদ, ধুবুৰীঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে সকলো বিধানসভা সমষ্টিৰ লগতে ধুবুৰী জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰো ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়া বুধবাৰৰ পৰা আৰম্ভ হৈছে ৷ ধুবুৰী জিলা উপায়ুক্ত তথা ধুবুৰী জিলা নিৰ্বাচনী বিষয়া দিবাকৰ নাথে আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত ধুবুৰী নিৰ্বাচন জিলাৰ তিনিওটা সমষ্টিৰ বাবে সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে ৷

Advertisment

একে স্থানতে অনুষ্ঠিত এখন সংবাদমেলত তেওঁ কয় যে, ২০২৩ চনৰ ১ জানুৱাৰীক অৰ্হতাৰ দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন কৰা হ'ব ৷ ৰাইজে ওজৰ - আপত্তিসমূহ নিৰ্দিষ্ট প্ৰ-পত্ৰযোগে অহা ৮ ডিচেম্বৰৰ ভিতৰত জমা দিব পাৰিব ৷ ২৬ ডিচেম্বৰৰ ভিতৰত সকলো ওজৰ- আপত্তিৰ মীমাংসা কৰা হ'ব ৷ অহা বৰ্ষৰ ৫ জানুৱাৰীত প্ৰকাশ পাব চুড়ান্ত ভোটাৰ তালিকা ৷ ৰাইজে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰ-পত্ৰ নং ৬, ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোগকৰণৰ বাবে প্ৰ-পত্ৰ নং ৬খ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে প্ৰ-পত্ৰ নং ৭ আৰু সংশোধন, স্থানান্তৰ, ভোটাৰ কাৰ্ডৰ প্ৰতিস্থাপন, বিশেষভাৱে সক্ষম হিচাপে মাৰ্কিঙৰ বাবে প্ৰ-পত্ৰ নং ৮ ব্যৱহাৰ কৰিব পাৰিব ৷

ধুবুৰীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, ভোট কেন্দ্ৰৰ দায়িত্বত থকা বি এল অ'ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব ৷ ভাৰতৰ নিৰ্বাচন আয়োগ বা অসমৰ নিৰ্বাচন বিভাগৰ ৱেবছাইটৰ পৰাও প্ৰ-পত্ৰ ডাউনলোড কৰিব পাৰিব ৷ nvsp.in শীৰ্ষক পৰ্টেলৰ জৰিয়তে অনলাইনযোগেও আবেদন জনাব পাৰিব ৷ ৰাইজক সহায়ৰ বাবে এটা হেল্প লাইন নম্বৰ ০৩৬৬২-২৩০৩৯৬ মুকলি কৰা হৈছে ৷ আজি প্ৰকাশ পোৱা সংহত খচৰা ভোটাৰ তালিকা অনুসৰি ধুবুৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰ ১,৯৮,১৫৯ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ১,০১,৫০৯ গৰাকী, মহিলা ভোটাৰ ৯৬,৬৪৭ গৰাকী, তৃতীয় লিংগৰ ৩ গৰাকী আৰু ডি ভোটাৰ হৈছে ১৯২১ গৰাকী ৷

একেদৰে গৌৰীপুৰ সমষ্টিত মুঠ ভোটাৰ হৈছে ২,১১,১৭৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ১,০৮,৭৩৯ গৰাকী, মহিলা ভোটাৰ ১,০২,৪৩৬ গৰাকী, তৃতীয় লিংগৰ ২ গৰাকী আৰু ডি ভোটাৰ হৈছে ২১৪৫ গৰাকী ৷

আনহাতে গোলকগঞ্জ সমষ্টিত মুঠ ভোটাৰ হৈছে ২,০৬,৬৩৬ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ১,০৬,৯২৩ গৰাকী, মহিলা ভোটাৰ ৯৯,৭১০ গৰাকী, তৃতীয় লিংগৰ ৩ গৰাকী আৰু ডি ভোটাৰ হৈছে ২৩৫০ গৰাকী। ধুবুৰী নিৰ্বাচন জিলাৰ তিনিওটা সমষ্টিৰ মুঠ ভোটাৰ হৈছে ৬,১৫,৯৭২ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৩,১৭,১৭১ গৰাকী, মহিলা ভোটাৰ ২,৯৮,৭৯৩ গৰাকী, তৃতীয় লিংগৰ ৮ গৰাকী আৰু মুঠ ডি ভোটাৰ হৈছে ৬৪১৬ গৰাকী।

ধুবুৰী নিৰ্বাচন জিলাৰ মুঠ ভোটকেন্দ্ৰ হৈছে ৭৩২ টা। ইয়াৰে ধুবুৰী সমষ্টিত ২৪২ টা, গৌৰীপুৰত ২৫৪ টা আৰু গোলকগঞ্জ সমষ্টিত আছে ২৩৬ টা ভোটকেন্দ্ৰ আছে।সংবাদমেলত জিলা নিৰ্বাচন বিষয়া দিবাকৰ নাথে সদৰি কৰা মতে ধুবুৰী নিৰ্বাচন জিলাত মুঠ ভোটাৰৰ ৮৭.৩৫ শতাংশৰ ভোটাৰ নম্বৰৰ সৈতে আধাৰ সংযোগ সম্পন্ন হৈছে আৰু এই হাৰ ৰাজ্যৰ ভিতৰতে সৰ্বাধিক৷ তেওঁ অৱশিষ্ট ভোটাৰসকলকো আজিৰে পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ সময়তে ভোটাৰ নম্বৰৰ সৈতে আধাৰ সংযোগ কৰিবলৈ আহ্বান জনায় ৷ সংবাদমেলত জিলা নিৰ্বাচন বিষয়াৰ লগতে অতিৰিক্ত উপায়ুক্ত(নিৰ্বাচন) নিত্য বিনোদ ৱাৰী, নিৰ্বাচনী বিষয়া মাছি তপ্ন' প্ৰমুখ্যে কেবাজনো বিষয়া উপস্থিত থাকে ৷

assam election dhuburi