/asomiyapratidin/media/media_files/2024/12/26/UQwvEKRwKEImHwDU5OWl.jpg)
ধুবুৰী Photograph: (ধুবুৰী)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ চৰান্চলত একাংশ লোকে কৰ্মবিমূখ নহৈ মৰাপাট, নাইলন কাপোৰেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বী হোৱাৰ লগতে দেশ তথা বিশ্বৰ দৰবাৰতো নিজৰ অন্চলৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেনে এখন অন্চলেই হৈছে ধুবুৰীৰ চলাকুৰা চৰ অন্চল। নৈ পৰীয়া এলেকা হিচাপে পৰিচিত চলাকুৰা চৰৰ ১৫-১৬ টা পৰিয়ালৰ আটাইকেইজন সদস্যই এতিয়া ব্যস্ত হৈ পৰিছে নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ বাবে।
পৰিয়াল কেইটাৰ মহিলা-পুৰুষ, কিশোৰ-কিশোৰী কে ধৰি আটাইয়ে আজৰি সময় পালেই মৰাপাটৰ ৰছী, নাইলনৰ কাপোৰে ৰে বিভিন্ন সামগ্ৰী বিশেষ কৈ ছিকিয়া, ঝুলনা, মোনা আদি হাতেৰে বনাই সমগ্ৰ অন্চল টোতে এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
অকল সেয়ে নহয় চলাকুৰা চৰৰ পৰিয়াল কেইটাই প্ৰস্তুত কৰি উলিওৱা সেই সামগ্ৰী সমুহৰ এতিয়া বিহাৰ, দিল্লী, মুম্বাই, গুজৰাট, পন্জাৱ, ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন প্ৰান্তলৈ বজাৰ দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে ইয়াৰ চাহিদাও বৃদ্ধি পাবলৈ লৈছে। কিন্তু আশা কৰা অনুসৰি মৰাপাটৰ ৰছী, নাইলনৰ কাপোৰে ৰে বিভিন্ন সামগ্ৰী বনোৱা চৰৰ এই সকল লোকে লাভান্বিত হ'ব পৰা আাই।
কাৰণ যি সকল মধ্যভোগীয়ে এই সামগ্ৰী সমুহ চলাকুৰা চৰলৈ আহি ক্ৰয় কৰি লৈ যায় সেই মধ্যভোগীয়ে তেঁওলোকক উচিত মূল্য খিনিৰ যোগান ধৰিব পৰা নাই। চলাকুৰা তৃতীয় খণ্ড গাঁওৰ জয়ধৰ আলী নামৰ এজন লোকে এই সম্পৰ্কত কয় যে এটা ছিকিয়া বনাওঁতে তেঁওলোকৰ ৫২ টকা খৰচ হয়। তেঁওলোকৰ পৰা এটা ছিকিয়া ৫৫ টকাত মধ্যভোগীয়ে ক্ৰয় কৰি লৈ যায়। তেনে ক্ষেত্ৰত তেঁওলোকৰ এটা ছিকিয়াত ৩ টকা লাভ হয়। দিনত ১০০ টা ছিকিয়া বনালে তেঁওলোকৰ ৩০০ টকা থাকে বুলি জানিবলৈ দিয়ে।
এই ক্ষেত্ৰত জয়ধৰ আলীৰ দৰে আন বহুতেই মৰাপাটৰ ৰছী, নাইলনৰ কাপোৰে ৰে বনো ৱা বিভিন্ন সামগ্ৰী সমুহৰ বিক্ৰীৰ বাবে সঠিক মূল্যৰ নিৰূপণ কৰি দিয়াৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে যাতে তেঁওলোকৰ পৰিশ্ৰমৰ মূল্য খিনি সঠিক ভাবে পাব পাৰে বুলি চৰৰ এই সকল লোকে চৰকাৰৰ ওপৰত আশা ব্যক্ত কৰা দেখা গৈছে।
উল্লেখযোগ্য যে, ধুবুৰীৰ চলাকুৰা চৰ অন্চলৰ দৰেই আন বহুতো চৰ অন্চলত এতিয়া এক শ্ৰেণীৰ দালাল আৰু মধ্যভোগীয়ে খোপনি পুতি চৰৰ সহজ-সৰল খাটিখোৱা লোক সকলক শোষণ কৰি বহি:ৰাজ্যত সেই সামগ্ৰী সমূহৰ অধিক মুনাফা লাভৰ আশাত ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ তথ্য পোহৰলৈ আহিছে। এইক্ষেত্ৰত প্ৰশাসনে সঠিক ভাৱে দৃষ্টি নিক্ষেপ নকৰিলে অদূৰ ভৱিষ্যতত এই সকল খাটি খোৱা লোক আৰু অধিক শোষণৰ বলি হ'ব পাৰে বুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে।