ধুবুৰী জিলা উঃ মাঃ শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ অধিৱেশন...

স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ সভাপতিত্বত গঠন হোৱা অভ্যৰ্থনা সমিতিৰ আয়োজন আৰু অভ্যৰ্থনাত অতিথি আৰু প্ৰতিনিধি বৰ্গই সন্তোষ প্ৰকাশ কৰে
শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ অধিৱেশন
শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ অধিৱেশন

ডিজিটেল সংবাদ,বিলাসীপাৰাঃ ধুবুৰী জিলাৰ ফকিৰগঞ্জত অৱস্থিত হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫ আৰু ৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ধুবুৰী জিলা উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশন। প্ৰথমদিনা জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা নাৱেৰে আহি উপস্থিত হোৱা বিষয়ববীয়া আৰু প্ৰতিনিধিবৰ্গক স্থানীয় পৰম্পৰাগত নৃত্যৰে আদৰণি জনায়।

আবেলি প্ৰতিনিধি শিবিৰ মুকলি কৰে হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জায়েদুল ইছলাম মোল্লাহে। দ্বিতীয় দিনা ৰাতিপুৱা সন্থাৰ পতাকা উত্তোলন কৰে জিলা সভাপতি দেবাশীষ সাহাই আৰু ছহীদ তৰ্পন কৰে ফকিৰগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লোকমান আলী আহমেদে। অন্যান্য সাংগঠনিক কাৰ্যসূচীৰ লগতে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পৰ্কে এক তত্বগধুৰ আলোচনা চক্র অনুষ্ঠিত হয়।

য'ত আলোচক হিচাপে অংশগ্রহণ কৰে ধুবুৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক তথা কাচখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত দাম, চাপৰ ৰৌমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ বিষয় শিক্ষক ছামচুল হক প্ৰধানী আৰু হামিদাবাদ ছিনিয়ৰ ছেকণ্ডাৰী স্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আউয়াল মিঞাই।

অনুষ্ঠানত ২০২০ আৰু ২০২২ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলাখনৰ প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ক'লা, বিজ্ঞান, বৃত্তিমূলক, বাণিজ্য আদি শাখাত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত মুঠ ১১ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক উদগনিমূলক সম্বৰ্দ্ধনা জনায়। স্থানীয় পৰম্পৰা লাঠিবাৰী খেল প্ৰদৰ্শনেও সকলোৰে দৃষ্টি আকর্ষণ কৰে। বিষয় বাছনি সভাত আগন্তুক ২ বছৰৰ বাবে বিদ্যাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক দিলীপ কুমাৰ নাৰ্জাৰীক সভাপতি, আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নজৰুল ইছলাম আৰু হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বৰকত আলীক উপ-সভাপতি, হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰবিউল ইছলাম ছেলিমক দ্বিতীয় বাৰৰ বাবে সম্পাদক হিচাপে লৈ সন্থাটোৰ নতুন কাৰ্যনিবাহক সমিতি গঠন কৰে।

আনহাতে আগন্তুক দিনবোৰত সকলোৰে সহযোগত নতুন উদ্যমেৰে ছাত্ৰ, শিক্ষক আৰু শিক্ষা ব্যৱস্থাৰ উত্তোৰণৰ বাবে কামত মনোনিবেশ কৰিবলৈ বুলি নৱ-গঠিত সমিতিৰ সম্পাদক ৰবিউল ইছলাম ছেলিমে আশা ব্যক্ত কৰাৰ লগতে শৈক্ষিকভাৱে পিছপৰা ধুবুৰী জিলাৰ শৈক্ষিক অৱস্থাৰ উত্তোৰণৰ উদ্দেশ্যে বিদ্যালয়সমূহত খালী হৈ থকা শিক্ষক-কৰ্চাৰীৰ পদসমূহ পূৰণৰ বাবেও চৰকাৰলৈ আহ্বান জনায়।

জিলা সন্থাৰ বিদায়ী সভাপতি দেবাশীষ সাহাৰ সভাপতিত্বত আবেলি ৩:০০ বজাত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰি ভাষণ আগবঢ়ায় স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে। জিলা সন্থাৰ মুখপত্ৰ 'শিক্ষাজ্যোতি' উন্মোচন কৰি সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ বিদায়ী সাধাৰণ সম্পাদক চৈয়দ আনিচুৰ ৰহমানে শিক্ষকসকলৰ দায়িত্ব সম্পৰ্কে এক তত্বগধুৰ বক্তব্য আগবঢ়ায়।

স্থানীয় পৰম্পৰাগত নৃত্য
স্থানীয় পৰম্পৰাগত নৃত্য

অভ্যৰ্থনা সমিতিৰ স্মৰণিকা উন্মোচন কৰে হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীনেশ চন্দ্র ৰায়ে। ধুবুৰী জিলাৰ বহুকেইখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, স্থানীয় নিকায়সমূহৰ প্ৰতিনিধি সকল অতিথি হিচাপে উপস্থিত থাকে। সন্ধিয়া এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে অধিৱেশনৰ কাৰ্যসূচীৰ সামৰণি পৰে।

অন্যহাতে হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ সভাপতিত্বত গঠন হোৱা অভ্যৰ্থনা সমিতিৰ আয়োজন আৰু অভ্যৰ্থনাত অতিথি আৰু প্ৰতিনিধি বৰ্গই সন্তোষ প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in