/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ca66a509-1cbb-48b6-bc76-7e70bb4381bf/bilashipara_rakh.jpg)
বিলাসীপাৰাত ৰাস মহোৎসৱৰ প্ৰস্তুতি
ডিজিটেল সংবাদ,ধুবুৰীঃ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ধুবুৰী জিলাৰ বিলাসীপাৰাত ৭ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈকে ১৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬৪ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাস মহোৎসৱৰ কাৰ্যসূচী অনুসৰি অহা ৭ নৱেম্বৰ প্ৰথম দিনা পূজা,ভাগবৎ পাঠ,নাম কীৰ্তন,পিছদিনাৰ পৰা মেলা আৰু বিভিন্ন অনুষ্ঠান মেলাৰ মূল দ্বাৰ , প্ৰদৰ্শনীৰ তোৰণ ,ৰাসচক্ৰ,আমোদ উদ্যান,মঞ্চ আদি উদ্বোধন কাৰ্যসুচী পালন কৰা হ'ব বুলি জনায়।
আয়োজক সমিতিয়ে জনোৱা অনুসৰি, অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীয়ে মেলাৰ মূল দ্বাৰ আৰু জিলাখনৰ উপায়ুক্ত দিবাকৰ নাথে প্ৰদৰ্শনীৰ তোৰণ উদ্বোধন কৰিব।সেয়েহে জিলাখনৰ উপায়ুক্ত দিবাকৰ নাথকে ধৰি আন আন বহুতো বিশিষ্ট ব্যক্তিয়ে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি বিলাসীপাৰা ৰাস উদযাপন সমিতিৰ সম্পাদক দেৱজিৎ চক্ৰৱৰ্ত্তীয়ে এক বিবৃতি যোগে তথ্য সদৰি কৰে।
উল্লেখ্য যে, কোভিডৰ নীতি নিয়মৰ বাবে বিগত দুটা বছৰে ৰাসমেলা উদযাপনৰ ক্ষেত্ৰত বিধি নিষেধ আৰোপ কৰা হৈছিল যদিও এই বেলি বিলাসীপাৰাবাসী ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দিপনা পৰিলক্ষিত হৈছে।
জিলাখনৰ বিলাসীপাৰাৰ ইন্দ্ৰ নাৰায়ণ একাডেমী খেল পথাৰত অনুষ্ঠিত হ'বলগীয়া বিলাসীপাৰা ৰাস মহোৎসৱ যোৱা ছয় দশক ধৰি জাতি,বৰ্ণ,ধৰ্ম,নিৰ্বিশেষে এক জাতি এক প্ৰাণ হিচাপে পৰিগণিত হৈ আহিছে।