কালী পূজা, ষট পূজা উদযাপনৰ বাবে ধুবুৰী জিলা প্ৰশাসনৰ বৈঠক...

শান্তিপূৰ্ণভাৱে, প্ৰদূষণ ৰোধৰ নিৰ্দেশনা মানি উৎসৱ পালন কৰিবলৈ ৰাইজক জিলা উপায়ুক্তৰ আহ্বান
Dhuburi
Dhuburi

ডিজিটেল সংবাদ, ধুবুৰীঃ সমাগত কালী পূজা আৰু ষট পূজা শান্তিপূৰ্ণভাৱে উদযাপন কৰাৰ সন্দৰ্ভত আলোচনাৰ বাবে শুকুৰবাৰে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত কৰে৷ জিলা উপায়ুক্ত দিবাকৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত কোনোধৰণৰ অসুবিধা নোহোৱাকৈ যাতে ধুবুৰীবাসীয়ে ষট পূজা আৰু কালী পূজা পালন কৰিব পাৰে তাৰ বাবে বিতং আলোচনা কৰে ৷

বৈঠকৰ আৰম্ভণিতে জিলা উপায়ুক্তই স্পষ্ট কৰি দিয়ে যে, বিগত দুটা বছৰৰ দৰে এইবাৰ কালী পূজা আৰু ষট পূজা আয়োজনত কোভিড বিধিৰ বাবে কোনো বাধা নিষেধ নাই যদিও অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ প্ৰদূষণ সম্পৰ্কীয় নিৰ্দেশাৱলী সকলোৱে মানি চলিব লাগিব ৷ ষট পূজাৰ আয়োজন সুকলমে কৰাৰ বাবে ধুবুৰী নগৰৰ ক্ষেত্ৰত অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত আৰু আন স্থানৰ বাবে ৰাজহ চক্ৰ পৰ্যায়ত চক্ৰবিষয়াৰ নেতৃত্বত একোখনকৈ সমিতি গঠন কৰা বুলি কয় জিলা উপায়ুক্তই ৷

সমিতিসমূহে ২৬ অক্টোবৰৰ ভিতৰত ষট পূজাৰ স্নানঘাট পৰিদৰ্শন কৰাৰ লগতে পৰ্যায়ক্ৰমে আন সকলো সা-সুবিধা নিশ্চিত কৰাৰ ব্যৱস্থা কৰিব ৷ মূল মূল ঘাটসমূহত স্বাস্থ্য বিভাগৰ চিকিৎসকৰ দল থকাৰ লগতে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসলয়ৰ এটা দলো আপাতকালীন পৰিস্থিতিৰ বাবে সাজু থাকিব ৷ ঘাটত যিকোনো অঘটনৰ মোকাবিলা কৰাৰ বাবে এছ ডি আৰ এফ আৰু বি এছ এফৰ দল সাজু থাকিব ৷

উক্ত দুয়োটা পূজাতে ড্ৰাই ডে ঘোষণা কৰা হ'ব বুলিও কয় জিলা উপায়ুক্তই ৷ তেওঁ বিগত বছৰ সমূহৰ দৰে এইবাৰো শান্তিপূৰ্ণ আৰু কোনোধৰণৰ অঘটন নোহোৱাকৈ কালী পূজা আৰু ষট পূজা সম্পন্ন হ'ব বুলি আশা প্ৰকাশ কৰে আৰু এইক্ষেত্ৰত সকলোৰে সহায়- সহযোগিতা কামনা কৰে ৷

বৈঠকত উপস্থিত থাকি জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে কয় যে, উৎসৱৰ আলম লৈ চলা জুৱা কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু এনে কাৰ্যকলাপ দেখিলে লগে লগে আৰক্ষী নিয়ন্ত্ৰণ কক্ষক জনাবলৈ তেওঁ সকলোকে আহ্বান জনায় ৷ তেওঁ অধিক লোকৰ সমাগম হোৱা ঘাটসমূহত চি চি কেমেৰা লগাবলৈ আৰু ঘাটস্থলীত নিয়োজিত পূজা সমিতিৰ স্বেচ্ছাসেৱকক যিকোনো অপৰাধজনিত, অনৈতিক বা অসামাজিক কাৰ্যকলাপৰ বিষয়ে লগে লগে আৰক্ষীক জনাবলৈ কয় ৷

বৈঠকত উপস্থিত থকা কালী পূজা সমিতি আৰু ষট পূজা সমিতিৰ বিষয়ববীয়া সকলে জিলা প্ৰশাসনক সকলো ধৰণৰ সহযোগ কৰাৰ আশ্বাস দিয়ে ৷ ধুবুৰী পৌৰসভাৰ পৌৰপতি ডা০ দেৱময় সন্যালে কয় যে, ষট পূজাৰ সময়ত পৌৰসভাৰ তৰফৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা পূৰ্বৰ দৰেই কৰা হ'ব ৷

ধুবুৰী টাউনত ব্ৰহ্মপুত্ৰৰ ৮ টা ঘাট পূজাৰ বাবে সাজু কৰা হ'ব ৷ বৈঠকত অতিৰিক্ত উপায়ুক্তসকল, অতিৰিক্ত আৰক্ষী অধীক্ষক, সহকাৰী আয়ুক্তসকল, ধুবুৰী, আগমণি আৰু গোলকগঞ্জৰ চক্ৰ বিষয়াসহ বিভিন্ন বিভাগৰ বিষয়া আৰু পূজা সমিতিৰ বিষয়াববীয়া সকল উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in