/asomiyapratidin/media/media_files/2026/01/16/1-2026-01-16-16-31-45.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰীবাসীৰ বাবে ভাল খবৰ। গণৰাজ্য় দিৱসৰ পেৰেডত উজলিব আশাৰীকান্দিৰ প্ৰতীকপট। ৰাজধানী দিল্লীত উজলি উঠিব ঐতিহাসিক টেৰাকোটা শিল্প।
/asomiyapratidin/media/post_attachments/41dd96e3-890.png)
আশাৰীকান্দিৰ মৃৎ শিল্পী টেৰাকোটা শিল্প হ'ব প্ৰদৰ্শিত। গণৰাজ্য দিৱসৰ থীম "আত্ম নিৰ্ভৰ ভাৰত আৰু বন্দে ভাৰত"। গণৰাজ্য দিৱসত প্ৰদৰ্শনৰ বাবে সাজু গৌৰীপুৰৰ আশাৰীকান্দিৰ মৃৎ শিল্পী।
উল্লেখ্য যে নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত আশাৰীকান্দি গাঁওখন টেৰাকোটা শিল্পৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত। গাঁও খনৰ পাল সম্প্ৰদায়ৰ প্ৰায় ১৬০ টা পৰিয়ালে টেৰাকোটা শিল্পৰে আশাৰীকান্দিৰ নাম উজ্বলাই তুলিছে সমগ্ৰ বিশ্বতে। ইতিমধ্যে ভাৰত চৰকাৰে আশাৰীকান্দি গাঁওখনৰ টেৰাকোটা শিল্পক জিআইটেগৰো স্বীকৃতি দিছে।
/asomiyapratidin/media/post_attachments/cd44dbbf-57b.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us