/asomiyapratidin/media/media_files/2025/01/24/EHFnqP3vkdaaGpO8zRwO.jpg)
ধুবুৰীত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন Photograph: (ধুবুৰীত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন)
ডিজিটেল সংবাদ, ধুবুৰীঃ আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস।সমগ্ৰ দেশ তথা ৰাজ্যৰ অইন অইন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন কৰা হয়। ধুবুৰীৰ ছোৱালী মহাবিদ্যালয়ত আয়োজিত এই কন্যা সন্তান দিৱস কাৰ্যসূচীত ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালৰ অধ্যক্ষ ডা:অংকুমনি শইকীয়া,ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ মুখ্য চিকিৎসা বিষয়া ডা:অৰূপ কুমাৰ চৌধুৰী, অৱসৰ প্ৰাপ্ত চিকিৎসক ডা:মুকুল চন্দ্ৰ বৰ্মণ, জিলা প্ৰতিষেধক বিষয়া ডা:মোৰ্তাজা জামান, ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ কে ধৰি স্বাস্থ্য বিভাগৰ ভালেসংখ্যক বিষয়-ববীয়া উপস্থি ত থাকি কন্যা সন্তান দিৱসৰ ওপৰত বিস্তাৰিত ভাৱে আলোচনা কৰে।
সভাই অনুষ্ঠানটোত উপস্থিত থকা মহাবিদ্যালয় খনৰ ছাত্ৰী সকলক উদ্যেশ্যি কন্যা সন্তানক বিভিন্ন ক্ষেত্ৰত কিদৰে সুৰক্ষিত কৰি তেওঁলোকক সৱলীকৰন কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়। আজি ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালৰ অধ্যক্ষ ডা:অংকুমনি শইকীয়াই কন্যা সন্তান সকলক শিক্ষা, স্বাস্থ্য আদি বিভিন্ন দিশত সজাগ হৈ থকাৰ উপৰি উচ্চ শিক্ষাৰ প্ৰতি আগৱাঢ়ি আহিবলৈ আহ্বান জনায়। দেশমাতৃৰ নিৰ্মাণত কন্যা সন্তানৰ ভূমিকাই আটাইতকৈ বেছি বুলি উল্লেখ কৰি কন্যা সন্তান সকলক কম বয়সতে যাতে বিয়াত নবহে তাৰ বাবে তেঁও আহ্বান জনায়।