দৃষ্টি শক্তি হেৰুৱাইছে ধুবুৰীৰ প্ৰথম বিজেপি বিধায়ক ধ্ৰুৱ কুমাৰ সেনে...

ধুবুৰী সমষ্টিৰ প্ৰথম গৰাকী বিজেপি বিধায়ক ধ্ৰুৱ কুমাৰ সেন আজি দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকাৰ পিচতো বিজেপিৰ শীৰ্ষ নেতৃত্বই দলৰ প্ৰাক্তন বিধায়ক গৰাকীৰ কোনো খবৰ নোলোৱাত সমষ্টিটোৰ ৰাইজৰ মাজত ব্যাপক

author-image
Asomiya Pratidin
New Update
new ap web 4.jpg (4)

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী সমষ্টিৰ প্ৰথম গৰাকী বিজেপি বিধায়ক ধ্ৰুৱ কুমাৰ সেন আজি দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকাৰ পিচতো বিজেপিৰ শীৰ্ষ নেতৃত্বই দলৰ প্ৰাক্তন বিধায়ক গৰাকীৰ কোনো খবৰ নোলোৱাত সমষ্টি টোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, অসমৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ প্ৰথম গৰাকী বিজেপি বিধায়ক ধ্ৰুৱ কুমাৰ সেনে নিজৰ দৃষ্টি শক্তিও হেৰুৱাই পেলাইছে।

এটা সময়ত প্ৰাক্তন বিধায়ক সেনৰ আশে পাশে ঘূৰি ফুৰিছিল বহু লোকজন। বৰ্তমানে তেওঁৰ এই দুখৰ সময়ত পৰিয়ালৰ লোকৰ বাহিৰে কোনেও প্ৰাক্তন বিধায়ক গৰাকীৰ খা-খবৰ লোৱা নাই। ধুবুৰী চহৰৰ ৭নং ৱাৰ্ডৰ বাটাগলি এলেকাত থকা তেওঁৰ নিজৰ বাসভৱনত তেওঁ অকলে জীৱন যাপন কৰিছে।

মন কৰিবলগীয়া যে, ধ্ৰুৱ কুমাৰ সেনে ১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ ধুবুৰী বিধানসভা সমষ্টিৰ পৰা বিজেপি ৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়ী হৈ ইতিহাস ৰচনা কৰিছিল। ১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ পৰা একমাত্ৰ ধ্ৰুৱ কুমাৰ সেনে প্ৰতিনিধিত্ব কৰিছিল। ১৯৮০ চনত বিজেপি দল গঠন হোৱাৰ ১১বছৰ পিছত বিজেপি য়ে অসম বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল।

ধ্ৰুৱ কুমাৰ সেনে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁৰ ধুবুৰীস্থ বাটাগলিৰ ঘৰত দিনে ৰাতিয়ে মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছিল। অতি সহজ সৰলভাৱে জীৱন যাপন কৰা ধ্ৰুৱ কুমাৰ সেনে আছিল ধুবুৰীৰ প্ৰথম বিধায়ক যিজনে ধুবুৰীৰ বিভিন্ন ঠাই খোজ কাঢ়িয়েই  ঘূৰি ফুৰিছিল। ধুবুৰীৰ এই গৰাকী বিধায়কে সেই সময়ত বাছত উঠিয়েই বিধানসভাৰ অধিৱেশনত অংশ লবলৈ গৈছিল।

অতিকৈ স্বচ্ছ ভাৱমূৰ্তি সম্পন্ন ধুবুৰীৰ এইগৰাকী প্ৰাক্তন বিধায়কে চহৰখনৰ শতাব্দী প্ৰাচীন টাউন ক্লাবৰ সভাপতি আৰু সম্পাদকৰ পদতো দীৰ্ঘদিন ধৰি অধিষ্টিত হৈ আছিল। ইয়াৰ উপৰি তেওঁ বিভিন্ন সমাজ সেৱা মূলক কামত ওতঃপ্ৰোত ভাৱে জড়িত হৈ  আছিল। বৰ্তমান তেওঁৰ বয়স প্ৰায় ৭৩ বছৰ।জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কোনো নেতা- পালিনেতাই তেওঁৰ খবৰ পৰ্যন্ত লোৱা নাই বুলি জানিব পৰা গৈছে।

ধুবুৰী