/asomiyapratidin/media/media_files/2025/02/27/FEk7ZmxhevCq0qpr1BTh.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ অতি ভিতৰুৱা তিস্তাৰ পাৰ গাওঁৰ ধুবুৰীৰ তিস্তাৰপাৰৰ এগৰাকী খেতিয়কে তেওঁৰ নিজা খেতি মাটিত বগৰী খেতি কৰি যথেষ্ট লাভৱান হোৱা বুলি জানিব পৰা গৈছে। ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ অতি ভিতৰুৱা তিস্তাৰ পাৰ গাওঁৰ হজৰত আলী সেখ নামৰ এজন খেতিয়কে তেওঁৰ নিজা ৩ বিঘা মাটিত ২০২৪ বৰ্ষৰ জানুৱাৰী মাহত বগৰী খেতি কৰাৰ বাবে মনোনিৱেশ কৰিছিল।
হজৰত আলী সেখে ৩ বিঘা খেতি মাটিত প্ৰায় ৪০০ জোপা বগৰীৰ গছ পুলি ৰোপণ কৰি সেইবোৰৰ লালন-পালনত লাগি পৰে। প্ৰায় এটা বছৰ পিচতে চলিত বছৰৰ জানুৱাৰী মাহৰ পৰা তেওঁৰ বগৰী খেতিত বগৰী ধৰি উপচি পৰা দেখা যায়। দৈনিক ১ কুইণ্টল, ২ কুইণ্টল, ৫ কুইণ্টল কৈ বগৰী তেওঁ বজাৰত বিক্ৰী কৰি আছে বুলি জানি বলৈ দিয়ে। তেওঁ ৰোপণ কৰা বগৰী গছে আৰু দুটা বছৰ ফল দিব বুলি জানিবলৈ দিয়ে।
খেতিয়ক গৰাকীয়ে ৰোপণ কৰা বগৰীৰ সোৱাদো অতুলনীয় বুলি জানিব পৰা গৈছে। আনহাতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনতাক কৃষি কৰ্মৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে সাধাৰণ জনতাক আহ্বান জনোৱাৰ সময়তে হজৰত আলী সেখেও দেশৰ প্ৰধান মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কৃষি কৰ্মতে নিজকে নিয়োগ কৰিছে বুলি কয়। হজৰত আলী সেখে কয় যে চাকৰিৰ পিছে পিছে নগৈ বহু শিক্ষিত যুৱক-যুৱতীয়ে এতিয়া কৃষি কৰ্মৰ প্ৰতি আগ্ৰহ দেখুৱাইছে। ই দেশৰ বাবে শুভ লক্ষণ বুলি তেওঁ কয়।