/asomiyapratidin/media/media_files/2025/07/19/dfdfdfdf-2025-07-19-15-33-51.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ছাগলীয়াৰ পৰা গৌৰীপুৰ অভিমুখী তীব্ৰবেগী চাৰিচকীয়া বাহনে মহতিয়াই নিলে ২ পথচাৰিক। এই দুৰ্ঘটনাত নিহত হয় তিনিগৰাকী ব্যক্তি। গুৰুতৰভাৱে আহত হয় আন দুজন লোক।
দুৰ্ঘটনাত থিতাতেই নিহত দুগৰাকী হৈছে সাহেৰা বিবি (৪৫) আৰু ৮ মহীয়া নাতিনীয়েক ছুৰাইয়া পাৰবিন। নিহত দুয়ো সম্বন্ধত আইতাক আৰু নাতিনীয়েক। ইফালে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় সাহেৰা বিবি (৩৫) জাহিনুৰ খাতুন আৰু ৪০ দিনীয়া দেৱশিশু জেহান ৰহমান। আহত সকলক ততাতৈয়াকৈ গোলকগঞ্জ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছে চিকিৎসালয়তে মৃত্যু হয় ৪০ দিনীয়া দেৱশিশু জেহান ৰহমানৰ।
ইয়াৰ পাছতে আঘাতপ্ৰাপ্ত আন দুজনক উন্নত চিকিৎসাৰ বাবে ডিএমচিএইছলৈ প্ৰেৰণ কৰা হয়। এইপথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।