/asomiyapratidin/media/media_files/2025/07/21/forest-2025-07-21-13-07-56.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলা বন বিভাগৰ ডিএফঅ' গোলাপ কুমাৰ বণিয়াৰ নিৰ্দেশত সোমবাৰে পুৱা ধুবুৰী ফৰেষ্ট চেক ষ্টেচনৰ আঞ্চলিক বন বিষয়া ছফিকুৰ ৰহমানৰ নেতৃত্বত ধুবুৰী আৰু ছাগলীয়া একাউণ্ট বীটৰ বন কৰ্মীৰ এটি দলে ছাগলীয়াত চোৰাং কাঠৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে এক অভিযান চলায়। উক্ত অভিযানত বন কৰ্মীৰ দলটোৱে বে-আইনীভাৱে চলাই যোৱা এটা অবৈধ কাঠফলা মিল চিনাক্ত কৰি মিলটোৰ সা-সামগ্ৰী, যন্ত্ৰাংশ আদি জব্দ কৰে।
লগতে সেই অবৈধ কাঠফলা মিলটো উৎখাত কৰিবলৈ সক্ষম হয়। ধুবুৰী বন বিভাগৰ দলটোৱে অভিযানকালত কিছু মূল্যৱান ফলা কাঠো জব্দ কৰে বুলি জানিব পৰা গৈছে।
আনহাতে ধুবৰী বন বিভাগৰ দলটোৰ অভিযানৰ খবৰ পাই অবৈধ কাঠফলা মিলটোৰ চোৰাং কাঠৰ সৰবৰাহকাৰীৰ দলটো পলাই যাবলৈ সক্ষম হয়।