অসম যুৱ পৰিষদৰ ধুবুৰী জিলা সমিতিৰ তদৰ্থ কমিটী গঠন

অসম যুৱ পৰিষদৰ ধুবুৰী জিলা সমিতিৰ এখন তদৰ্থ কমিটী বুধবাৰে গঠন কৰা হয়। এই উপলক্ষে আজি ধুবুৰী জিলা অগপৰ কাৰ্যালয়ত এখন সাধাৰণ সভাৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
415

ডিজিটেল সংবাদ, ধুবুৰী : অসম যুৱ পৰিষদৰ ধুবুৰী জিলা সমিতিৰ এখন তদৰ্থ কমিটী বুধবাৰে গঠন কৰা হয়। এই উপলক্ষে আজি ধুবুৰী জিলা অগপৰ কাৰ্যালয়ত এখন সাধাৰণ সভাৰ আয়োজন কৰা হয়।

Advertisment

অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক স্বপন মজুমদাৰে পৰ্যৱেক্ষক হিচাপে উপস্থিত থকা সভাখনত অ গ পৰ ৰাজ্যিক উপ-সভাপতি অমল সাহা, অগপৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য দিলীপ দত্ত, অগপৰ সাংগঠনিক সম্পাদক ছানোৱাৰ হুছেইন, অগপৰ সংখ্যালঘূ বিভাগৰ ৰাজ্যিক সাধাৰণ সম্পাদক কলিমুদ্দিন সেখ, অগপৰ ধুবুৰী বিধান পৰিষদৰ সম্পাদক দ্বয় দীপ কলিতা আৰু নুৰে ছিবলীকে ধৰি জিলা অগপৰ অন্যান্য কৰ্ম-কৰ্তাসকল উপস্থিত থাকে।

অসম যুৱ পৰিষদৰ ধুবুৰী জিলা সমিতিৰ বিদায়ী সভাপতি লুৎফৰ ৰহমানে পৌৰহিত্য কৰা সভাখনত সঞ্জয় কুমাৰ বিশ্বাসক সভাপতি আৰু ৰেজাকুল আলমক সম্পাদক হিচাপে লৈ অসম যুৱ পৰিষদৰ ধুবুৰী জিলা সমিতিৰ তদৰ্থ কমিটীখন আজি গঠন কৰা হয় বুলি ধুবুৰী জিলা অগপৰ এটি সূত্ৰই আজি সদৰী কৰে।

অগপ