ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ ইলিচ মাছৰ উজান : নীৰৱ মীন বিভাগ

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ ইলিচ মাছৰ উজান উঠা পৰিলক্ষিত হৈছে। ব্ৰহ্মপুত্ৰত এই মাছবিধ খুব কমেই পোৱা যায় যদিও বিগত কেইবাদিনৰ পৰা ধুবুৰীৰ মাছমৰীয়াসকলৰ জালত যথেষ্ট পৰিমাণে

author-image
Asomiya Pratidin
New Update
ইলিচ মাছ

ইলিচ মাছ

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ ইলিচ মাছৰ উজান উঠা পৰিলক্ষিত হৈছে। ব্ৰহ্মপুত্ৰত এই মাছবিধ খুব কমেই পোৱা যায় যদিও বিগত কেইবাদিনৰ পৰা ধুবুৰীৰ মাছমৰীয়াসকলৰ জালত যথেষ্ট পৰিমাণে ইলিচ মাছ পৰিবলৈ লোৱা দেখা গৈছে। 

Advertisment

উল্লেখ্য যে, প্ৰতিবছৰে ধুবুৰীৰ ব্ৰহ্মপুত্ৰত অক্টোবৰত ইলিচৰ যথেষ্ট উজান উঠা দেখা পোৱা যায়। হেৰিং প্ৰজাতিৰ এই সাগৰীয় মাছে কণী দিবলৈ অক্টোবৰত জাকে জাকে আহি মোহনাৰে ব্ৰহ্মপুত্ৰত প্ৰৱেশ কৰাৰ বাবেই সেই সময়ছোৱাত ধুবুৰীৰ ব্ৰহ্মপুত্ৰত ইলিচৰ উজান উঠে বুলি জনা যায়। 

ধুবুৰী জিলাৰ মেদেৰটাৰী আৰু বুঢ়া-বুঢ়ী থানৰ ওচৰতে ইলিচ মাছৰ কণী দিয়াৰ উত্তম স্থান বুলি বিবেচিত হৈ আহিছে। ইফালে বতৰ আৰু প্ৰকৃতিৰ অস্বাভাৱিক পৰিৱৰ্তন আৰু ব্ৰহ্মপুত্ৰ নৈৰ পানী ক্ৰমে শুকাই যোৱাৰ পিচতো চলিত বৰ্ষৰ জানুৱাৰীৰ শেষৰ ফালৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ নৈত ইলিছ মাছৰ উজান উঠা পৰিলক্ষিত হৈছে। 

সাধাৰণতে মাঘ-ফাগুনৰ সময়ত ইলিছৰ সমাগম ব্ৰহ্মপুত্ৰ নৈত খুবেই কম হোৱা দেখা যায়। অৱশ্যে এই সময়ছোৱাত ধুবুৰীত ব্ৰহ্মপুত্ৰ নৈত মাছমৰীয়াৰ জালত দুই-এটা ইলিচ মাছ নপৰাও নহয়। কিন্তু তুলনামূলকভাৱে সেয়া কম হয় যদিও এইবাৰ ধুবুৰীৰ ব্ৰহ্মপুত্ৰত ইলিচ মাছ যথেষ্ট পোৱা গৈছে। 

একাংশ অসাধু লোকে ধুবুৰী জিলা প্ৰশাসন আৰু মীন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ ব্ৰহ্মপুত্ৰ নৈৰ পৰা জধে-মধে সৰু সৰু আকাৰৰ পোনা ইলিচসমূহ মাৰি ধুবুৰীৰ বজাৰত বিক্ৰী কৰি থকাৰ পিচতো সংশ্লিষ্ট বিভাগে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰাত ধুবুৰীৰ সচেতন ৰাইজ ক্ষুব্ধ হৈ পৰিছে। আনহাতে একাংশ অসাধু লোকে সৰু পোনা ইলিচ আৰু কিছুমান কণী থকা ইলিচ জালত ধৰি আনি বজাৰত বিক্ৰী কৰি আছে যদিও ধুবুৰীৰ বজাৰত ইলিচৰ দাম কিন্তু নিম্নগামী হোৱা নাই।  

সৰু সৰু ইলিচ মাছসমূহ ধৰি আনি ৮০০-৯০০ টকাকৈ প্ৰতি কিলো হিচাপত বজাৰত বিক্ৰী কৰি আছে। ইপিনে ব্ৰহ্মপুত্ৰ নৈত বৰ্তমানে পোনা ইলিচ মাছসমূহ জধে-মধে নিধন কৰাৰ পিচতো ধুবুৰী জিলা মীন বিভাগে নীৰৱ দৰ্শকৰ ভূমিকা লোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ধুবুৰীৰ বিশিষ্ট সমাজসেৱী দীপংকৰ মজুমদাৰে। 

সম্প্ৰতি ব্ৰহ্মপুত্ৰ নৈত বিচৰণ কৰি ফুৰা ইলিচ মাছৰ সংৰক্ষণ কৰাৰ বাবে জিলা প্ৰশাসন আৰু মীন বিভাগৰ ওচৰত আহ্বান জনাইছে সমাজ সেৱী দীপংকৰ মজুমদাৰে। ব্ৰহ্মপুত্ৰত থকা কণীযুক্ত আৰু পোনা ইলিচ মাছ যাতে জধে-মধে ধৰা নহয় সেই ক্ষেত্ৰত দৃষ্টি দিয়াৰ বাবে তেওঁ ধুবুৰী জিলা মীন বিভাগৰ ওচৰত আহ্বান জনাইছে।

assam fish fish