ডিজিটেল সংবাদ, ধুবুৰী : ঝগৰাৰ বিল। এসময়ত ধুবুৰীবাসীৰ বাবে এক পৰিচিত নাম আছিল। ৰৌ, ভকুৱা, কাৱৈ, মাগুৰ, বৰালি আদি মাছৰ বাবে বিখ্যাত আছিল ঝগৰাৰ বিল। কিয়নো এই বিলৰ মাছৰ সোৱাদ পৃথক আছিল; কিন্তু তাহানিৰ ভোগৰ আকৰ স্বৰূপ বিলখন আজি অস্তিত্বৰ সংকটত পৰিছে।
ধুবুৰী চহৰৰ অন্তৰ্গত ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ কাষতে অৱস্থিত ঝগৰাৰ বিলৰ তাহানিতে বিশাল জল অঞ্চল আৰু দুয়োপাৰৰ হেজাৰ হেজাৰ হেক্টৰ মাটি আছিল । ৮০ৰ দশকৰ আগলৈকে এই ঝগৰাৰ বিলত মহলদাৰে কেতিয়াও মাছ এৰিবলগীয়া হোৱা নাছিল ।
তথাপি কাৱৈ, মাগুৰ, ৰৌ, বৰালি, ভকুৱা, শ'ল আদি থলুৱা প্ৰজাতিৰ মাছ উভৈনদী আছিল। ঝগৰাৰ বিলৰ মাছ অধিক সোৱাদযুক্ত হোৱা হেতুকে ধুবুৰীৰ মাছৰ বজাৰৰ উপৰি জিলাখনৰ আন বজাৰতো এই বিলৰ মাছৰ খুবেই চাহিদা আছিল।
এইবিলৰ পানী আৰু পলসে জীপাল কৰি ৰখা ঝগৰাৰ বিলৰ পাৰৰ পথাৰত বৃহত্তৰ ঝগৰাৰ পাৰ অঞ্চলৰ কৃষক ৰাইজে গঢ়ি তুলিছিল সচ্ছল কৃষি অৰ্থনীতিৰ ৷ তদুপৰি এই ঝগৰাৰ বিলেই বৃহত্তৰ ঝগৰাৰপাৰ অঞ্চলৰ বৃহৎ সংখ্যক লোকৰ জীৱন-জীৱিকাৰ একমাত্ৰ সম্বল আছিল।
নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী পৰ্যন্ত ঝগৰাৰ বিলে প্ৰাণ পাই উঠিছিল। মাছমৰীয়াসকলে বিশেষ পদ্ধতিৰে বিলত জালেৰে শ শ কুইন্টল মাছ এবাৰতে ধৰিবলৈ সক্ষম হৈছিল। তদুপৰি, ৯০ৰ দশকলৈকে এই ঝগৰাৰ বিললৈ শীতৰ আগমনৰ লগে লগে হেজাৰ হেজাৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছিল।
শীতৰ আলহী পক্ষীৰ কলৰবত মুখৰিত হৈছিল ঝগৰাৰ বিল। তেতিয়া বিলৰ মহলদাৰ আৰু মাছমৰীয়াসকলেই সুৰক্ষা দিছিল পৰিভ্ৰমী পক্ষীক; কিন্তু ৯০ৰ দশকৰ পাছৰ পৰা ঝগৰাৰ বিলৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাদি পৰে একাংশ বেদখলকাৰীয়ে।
ঝগৰাৰপাৰ অঞ্চলৰ কাষতে থকা বিলখনৰ শ শ বিঘা মাটি বেদখল কাৰীৰ কবলত পৰিছে। এনেধৰণৰ অবাধ বেদখলে ইতিহাস প্রসিদ্ধ ঝগৰাৰ বিলৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি নমাই আনিছে।
বিলৰ কাষতে বজাৰ, দোকান-পোহাৰ আদি অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত বিলখনৰ জলৰাশিৰ গতি স্তব্ধ কৰি দিয়া হৈছে। এতিয়া ঝগৰাৰ বিলৰ পৰিসৰ যথেষ্ট ঠেক হৈ পৰাৰ লগতে ইয়াৰ বুকুও বাম হৈ পৰিছে।
মেটেকাই ছানি ধৰিছে বিলখনৰ অধিকাংশ জল অঞ্চল ৷ এতিয়া ঝগৰাৰ বিলে স্বকীয়তা হেৰুৱাই পেলাইছে। তাহানিৰ দৰে বিলখনত এতিয়া কাৱৈ, মাগুৰ, ৰৌ, ভকুৱা, শ’ল, বৰালি মাছ উভৈনদী নহয় ৷ এতিয়া বিলত মাছমৰীয়া দলৰ হাঁহিৰ চিম্ফনী নাই।
বিলখনলৈ বেদখকাৰীয়ে নমাই অনা চৰম বিপর্যয়ৰ বাবে এতিয়া তাহানিৰ দৰে বিলখনলৈ হেজাৰ হেজাৰ শীতৰ অতিথি পৰিভ্ৰমী পক্ষীৰ আগমনো নঘটা হৈছে। পূৰ্বৰ তুলনাত সামান্য শীতৰ অতিথি পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে যদিও একাংশ চোৰাং চিকাৰীয়ে নিতৌ এই পক্ষীসমূহ জাল, সজা আদিত বন্দী কৰি নিধন যজ্ঞ অব্যাহত ৰাখিছে।
তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযানৰ জয়গান গাই থকাৰ সময়তে ঝগৰাৰ বিলত ধুবুৰী চহৰৰ নলা নৰ্দমাৰ পানীৰ সমান্তৰালভাৱে লেতেৰা আৱৰ্জনা আদি বিলখনত পেলাই বিলখনৰ পৰিবেশ দূষিত কৰি তুলিছে।
এই ক্ষেত্ৰত ধুবুৰী জিলা প্ৰশাসনৰ লগতে ঝগৰাৰ পাৰ গাঁও পঞ্চায়তে উদাসীন হৈ থকাৰ বিষয়টোৱে সচেতন মহলক স্তম্ভিত কৰি তুলিছে। বিলখনৰ ভূমিত হোৱা বেদখল উচ্ছেদ কৰি বিলখনক পুনৰ প্ৰাণৱন্ত কৰি তুলিবলৈ ধুবুৰীৰ সচেতন ৰাইজে চৰকাৰক দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত চৰকাৰে চকুমুদা কুলিৰ ভাওহে ধৰি অহা পৰিলক্ষিত হৈছে।
স্বকীয়তা হেৰুৱাই পেলোৱা ঝগৰাবিল এতিয়া ৰৌমাছ, কাৱৈ মাছৰ বাবে বিখ্যাত নহয়। বিলখনৰ আশে-পাশে থকা গাঁওসমূহৰ ৰাইজেও এতিয়া বিলখনকেই জীৱন আৰু জীৱিকাৰ একমাত্র সম্বল হিচাপে ল'ব নোৱৰা হ'ল ৷