/asomiyapratidin/media/media_files/2025/06/08/HzHzQ7Sns4i6y3FHRYKj.jpg)
মন্দিৰৰ সন্মুখত দুৰ্বৃত্তই পেলালে সন্দেহজনক মাংস
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ চহৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। চহৰখনৰ ৩ নং ৱাৰ্ডৰ হনুমান মন্দিৰৰ সন্মুখ ভাগত সন্দেহজনক মাংস পৰি থকাক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰিছে।
অঞ্চলৰটোৰ উত্তেজিত ৰাইজে বাঁহেৰে বন্ধ কৰিলে মন্দিৰটোৰ কাষৰ এটা ৰাজপথ। ঘটনাস্থনীত ধুবুৰীৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকে ধৰি উপস্থিত আৰক্ষীৰ উচ্চ-পদস্থ বিষয়াসকল। ইয়াৰ পূৰ্বেও দুৰ্বৃত্তই উক্ত হনুমান মন্দিৰত নিষিদ্ধ মাংস ৰাখিছিল বুলি ৰাইজে অভিযোগ কৰিছে। আনহাতে দেওবাৰে আৰক্ষীক সন্দেহজনক মাংসখিনি তুলি লৈ যোৱাত বাধা প্ৰদান কৰে স্থানীয় ৰাইজে। স্থানীয় ৰাইজে আজিৰ ভিতৰতে দোষীক কৰায়ত্ত কৰাৰ দাবী জনাইছে। ইফালে টায়াৰ জ্বলাইও প্ৰতিবাদ কৰে ক্ষুব্ধ ৰাইজে।