/asomiyapratidin/media/media_files/2025/07/14/fery-14-2025-07-14-21-43-45.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰীৰ পৰা সুখচৰলৈ দ্বিতীয়খন ফেৰীত আজি অত্যাধিক যাত্ৰীৰ লগতে অত্যাধিক সামগ্ৰী কঢ়িয়াই অনাৰ ফলত ব্ৰহ্মপুত্ৰৰ মাজত ফেৰীখনৰ চালৰ এটা খুঁটা ভাঙি ফেৰী যাত্ৰীৰ মাজত হাহাকাৰা সৃষ্টি হয়। উল্লেখযোগ্য যে, দিনৰ প্ৰায় আঢ়ৈ বজাত ধুবুৰীৰ পৰা দ্বিতীয়খন ফেৰী সুখচৰলৈ ৰওনা হয়।
কিছুদুৰ অহাৰ পাচত ব্ৰহ্মপুত্ৰৰ মাজত ফেৰীখনৰ চালৰ এটা খুঁটা ভাঙি পৰে। ফলত ফেৰী যাত্ৰীৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈ ফেৰীত থকা অধিকাংশ যাত্ৰী লাইফ জেকেট পিন্ধিবলৈ ধৰে। ঘটনাক লৈ ফেৰী কৰ্তৃপক্ষ আৰু যাত্ৰীৰ মাজত কিছু সময়ৰ বাবে তৰ্কাতৰ্কি হোৱাত ফেৰীখন ওচৰৰ চৰ এখনত প্ৰায় আধাঘণ্টা আৱদ্ধ হৈ থাকিবলগীয়া হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/14/fery-2025-07-14-21-44-03.jpeg)
কিন্তু পৰিস্থিতি ভয়ংকৰ নহয় বাবে পুনৰ ফেৰীখন সুখচৰলৈ যাত্ৰা আৰম্ভ কৰে। সন্ধিয়া প্ৰায় ৫.৩০ বজাত ফেৰীখন সুখচৰৰ বেপাৰীপাৰা ঘাট আহি পায়।
ফেৰীখনত যাত্ৰা কৰা একাংশ যাত্ৰীয়ে অভিযোগ কৰা মতে, ধুবুৰী লেচীৰ দ্বাৰা পৰিচালিত দক্ষিণ পাৰলৈ যাতায়াত কৰা কোনো এখন ফেৰীয়ে জল পৰিবহন বিভাগৰ নিয়ম নীতি মানি নচলে। বিশেষকৈ ধুবুৰী আৰু সুখচৰৰ মাজত চলাচল কৰা ফেৰীত অত্যাধিক যাত্ৰীৰ উপৰিও অত্যাধিক সামগ্ৰী কঢ়িয়াই অনা হয়।
সমাগত বাৰিষা কালৰ বাবে ব্ৰহ্মপুত্ৰত জলপৃষ্ঠ বৃদ্ধি পালেও বিভাগীয় নীতি নিয়মক জলঞ্জলি দি ফেৰীত অত্যাধিক যাত্ৰীৰ লগতে অত্যাধিক সামগ্ৰী কঢ়িয়াই অনা হয়। ফলস্বৰূপে ফেৰীত যাতায়ত কৰা যাত্ৰীসকলে প্ৰতিদিনে বিপদসংকূল যাতায়ত কৰিবলগীয়া হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/14/fery-2025-07-14-21-44-20.jpeg)
জল পৰিবহন বিভাগৰ চকুত নপৰা এনে কাণ্ড জিলা প্ৰশাসনে দৃষ্টি দিবলৈ নদী যাত্ৰী সকলে ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনক আহ্বান জনাইছে। লক্ষণীয়, জল পৰিবহণ বিভাগৰ অধীনত ধুবুৰী আৰু সুখচৰলৈ যোৱা প্ৰায় দুবছৰ পূৰ্বে জাহাজ সেৱা দ্বিতীয় বাৰৰ বাবে চলাচল আৰম্ভ হৈছিল যদিও ৰহস্যজনক ভাৱে বিগত প্ৰায় দুবছৰ ধৰি জাহাজ সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।
ফলত সৰ্বসাধাৰণ যাত্ৰীসকলে এইদৰে বিপদজনক ভাৱে উপায়হীন হৈ লেচীৰ দ্বাৰা পৰিচালিত ফেৰীৰে প্ৰতিদিনে যাতায়াত কৰিবলগীয়া হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us