ধুবুৰীত ছাত্ৰ নেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সোঁৱৰণত ছাত্ৰ দিৱস উদযাপন

এখনি আলোচনা চক্ৰত বক্তা হিচাপে উপস্থিত থাকি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° ধ্ৰুৱ চক্ৰৱৰ্তীয়ে ছাত্ৰ-ছাত্ৰী সকলক সমাজত সুস্থ আৰু শৃংখলাবদ্ধভাবে কাম কৰি গৈ আধুনিক ভাৰত গঢ়ি তোলাৰ বাবে আহ্বান জনায়।

author-image
Asomiya Pratidin
New Update
xx

ডিজিটেল সংবাদ,ধুবুৰী:  ভোলানাথ মহাবিদ্যালয় (স্বায়ত্ব শাসিত)ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত আজি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ছাত্ৰ নেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সোঁৱৰণত ছাত্ৰ দিৱস দিন যোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।

Advertisment

 এই সন্দৰ্ভত আয়োজন কৰা এখনি আলোচনা চক্ৰত বক্তা হিচাপে উপস্থিত থাকি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° ধ্ৰুৱ চক্ৰৱৰ্তীয়ে ছাত্ৰ-ছাত্ৰী সকলক সমাজত সুস্থ আৰু শৃংখলাবদ্ধভাবে কাম কৰি গৈ আধুনিক ভাৰত গঢ়ি তোলাৰ বাবে আহ্বান জনায়।

আজিৰ আলোচনা সভাত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড° উপেন্দ্ৰজিৎ শৰ্মাকে ধৰি মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

ভোলানাথ মহাবিদ্যালয়