Advertisment

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ধুবুৰীত আৰক্ষীৰ ত্ৰিৰংগা ৰেলী

হাতে হাতে ত্ৰিৰংগা পতাকা লৈ ৰাজপথত ত্ৰিৰংগা সমদল কৰে ধুবুৰী আৰক্ষীয়ে। এই ৰেলীত অংশগ্ৰহণ কৰে এন চি চি ৰ গোটেও। ইপিনে কাইলৈ গণৰাজ্য দিৱস পালনৰ অৰ্থে ধুবুৰী জিলা প্ৰশাসনেও ব্যাপক প্ৰস্তুতি চলাইছে।

author-image
Asomiya Pratidin
New Update
c cxc

ডিজিটেল সংবাদ, ধুবুৰী:  গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ধুবুৰীত আৰক্ষীৰ ত্ৰিৰংগা ৰেলী। ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা উলিওৱা ত্ৰিৰংগা ৰেলীৰে চহৰখনত ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰে।

Advertisment

হাতে হাতে ত্ৰিৰংগা পতাকা লৈ ৰাজপথত ত্ৰিৰংগা সমদল কৰে ধুবুৰী আৰক্ষীয়ে। এই ৰেলীত অংশগ্ৰহণ কৰে এন চি চি ৰ গোটেও। ইপিনে কাইলৈ গণৰাজ্য দিৱস পালনৰ অৰ্থে ধুবুৰী জিলা প্ৰশাসনেও ব্যাপক প্ৰস্তুতি চলাইছে।

ধুবুৰীৰ বিভিন্ন এলেকাত আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। কাইলৈ পুৱা ৯ বজাত ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত পতাকা উত্তোলন কৰা হ'ব। ধুবুৰী জিলা প্ৰশাসনে এই ক্ষেত্ৰত সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰে ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয় ৰ ন'ডেল অফিচাৰ সুগত সিদ্ধাৰ্থ গোস্বামীয়ে।

ধুবুৰী