Advertisment

কিমান আগবাঢ়িছে ধুবুৰী-ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্য?

পূর্ণগতিত নির্মীয়মাণ ধুবুৰী-ফুলবাৰী দলঙে ধুবুৰীক মেঘালয়ৰ ফুলবাৰীলৈ সংযোগ কৰিব। ১৯.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰতৰ দ্বিতীয় দীর্ঘতম নদী দলং খনে দুয়োখন ৰাজ্যৰ মাজত যাত্ৰা বহুত দ্রুত আৰু সহজ কৰি তুলিব বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
VCBVCB

ডিজিটেল সংবাদ, ধুবুৰী: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অশেষ প্ৰচেষ্টাত ধুবুৰী-ফুলবাৰীৰ দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পিচৰে পৰা এতিয়া সেই দলঙৰ  নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলি থকাক লৈ  ধুবুৰী বাসী ৰাইজে এতিয়া আশাৰ ৰেঙণি দেখিবলৈ পাইছে।

Advertisment

অসমৰ ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰী লৈকে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে ধুবুৰী-ফুলবাৰীৰ দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিচত স্বাভাৱিকতে ধুবুৰীৰ আৰ্থ-সামাজিক-সাংস্কৃতিক দিশত উন্নয়ন হোৱাৰ লগতে নিৱনুৱা সমস্যাৰো যথেষ্ট সমাধান হোৱাৰ আশা ব্যক্ত কৰিছে ধুবুৰীৰ বহুজনে।

ধুবুৰী পৌৰসভাৰ পৌৰপতি তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডা:দেৱময় সান্নালে কয় যে, দেশৰ প্ৰগতি আৰু উন্নয়ন ত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৱদানৰ কথা একেবাৰে শেষ কৰিব নোৱাৰি। দেশৰ যোগাযোগৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ খনে বহু খিনি কাম কৰিছে।

ইপিনে পূর্ণগতিত নির্মীয়মাণ ধুবুৰী-ফুলবাৰী দলঙে ধুবুৰীক মেঘালয়ৰ ফুলবাৰীলৈ সংযোগ কৰিব। ১৯.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰতৰ দ্বিতীয় দীর্ঘতম নদী দলং খনে দুয়োখন ৰাজ্যৰ মাজত যাত্ৰা বহুত দ্রুত আৰু সহজ কৰি তুলিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে প্ৰায় ৫০০০ কোটি টকা ব্যয় সাপেক্ষে ধুবুৰী- ফুলবাৰীৰ দলং খনৰ নিৰ্মাণৰ ইতিমধ্যে প্ৰায় ৫০ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে ধুবুৰী- ফুলবাৰীৰ দলংখনৰ নিৰ্মাণ কাৰ্যৰ অনুমোদন জনোৱাৰ পিচতে এল এণ্ড টি নামৰ কোম্পানী এটাই ২০২১ চনৰ পৰা দেশৰ এই বৃহৎ দল খনৰ নিৰ্মাণ কাৰ্য তীব্ৰ গতিত চলাই আছে আৰু ২০২৮ চনত এই বৃহৎ দলংখনৰ কাম সম্পূৰ্ণ হ'ব বুলি জানিব পৰা গৈছে।

ধুবুৰী-ফুলবাৰী