ধুবুৰীত নৱ নিৰ্বাচিত পঞ্চায়ত সদস্যক লৈ হৰ্ছ ট্রেডিঙৰ অভিযোগ...

যি সময়ত অসম চৰকাৰে ভাল ব্যক্তি পঞ্চায়ত প্ৰতিনিধি হোৱাৰ লগতে এখন সুস্থ সবল পঞ্চায়ত গঠন কৰাৰ উদ্দেশ্যে পঞ্চায়ত আইন সংশোধন কৰি ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন উঠাই দি

author-image
Asomiya Pratidin
New Update
1fa10e69-ace8-402d-b08a-eae40392177c

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ  যি সময়ত অসম চৰকাৰে ভাল ব্যক্তি পঞ্চায়ত প্ৰতিনিধি হোৱাৰ লগতে এখন সুস্থ সবল পঞ্চায়ত গঠন কৰাৰ উদ্দেশ্যে পঞ্চায়ত আইন সংশোধন কৰি ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন উঠাই দি নিৰ্দলীয় ভাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ কৰি দিয়াৰ লগতে পঞ্চায়ত সভাপতি জন সদস্য সকলে নিৰ্বাচন কৰাৰ ক্ষমতা অৰ্পণ কৰিছে ঠিক তেনে সময়তে এজন সভানেত্ৰী পথৰ প্ৰাৰ্থীয়ে ধনৰ বিনিময়ত সদস্য ক্ৰয় কৰি আত্মগোপন কৰা ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Advertisment

উল্লেখযোগ্য যে প্ৰাক্তন সভানেত্ৰী আৰু তেওঁৰ স্বামী আবু সত্তাৰ আলীৰ ইয়াৰ আগতেও তিনিবাৰ এই পঞ্চায়ত খনৰ সভাপতি আৰু সভানেত্ৰী পথত অধিষ্ঠিতহৈ বৃহৎ অনিয়ম কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। এইবাৰো যিহেতুকে বৃহৎ ধনৰ বিনিময়ত সদস্য সকলোক ক্ৰয় কৰিছে গতিকে সদস্য ক্ৰয় কৰা ধন সমূহ কৰ পৰা সংগ্ৰহ কৰিব বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে নিশ্চয় পঞ্চায়তৰ উন্নয়ন মূলক আঁচনি দুৰ্নীতি কৰিব লাগিব?

সেয়ে ৰাইজে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গ্ৰাম্য আৰু পঞ্চায়ত উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বিশেষকৈ আলমগঞ্জ পঞ্চায়ত খনত চকু দিবলৈ অনুৰোধ জনায়।

ধুবুৰী