/asomiyapratidin/media/media_files/2025/02/13/XiafnxWMk7sKzptxODTh.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভূটান ৰাষ্ট্ৰৰ পঞ্জীয়ন ভুক্ত ডাম্পাৰেৰে ছিণ্ডিকেট চক্ৰ এটাই মাটিৰ ৰমৰমীয়া ব্যৱসায় অবিৰাম ভাবে চলাই থকাক লৈ ধুবুৰীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ধুবুৰী জিলা পৰিবহন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ ডাম্পাৰ ছিণ্ডিকেটৰ এটা বৃহৎ চক্ৰই ছাগলীয়া, আগমনিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা গোলকগঞ্জৰ নান্দনি পাৰ, দুমৰ দহ আদি অঞ্চললৈ ভূটানৰ পঞ্জীয়নভুক্ত ডাম্পাৰ গাড়ীক মাটি পেলোৱাৰ কামত দিনে-নিশাই ব্যৱহাৰ কৰিছে।
ৰমৰমীয়া ব্যৱসায়েৰে চৰকাৰী ৰাজহ ফাঁকি দি থকাৰ পিচতো ধুবুৰী জিলা পৰিবহন বিভাগে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।
উল্লেখযোগ্য যে, ভূটান ৰাষ্ট্ৰৰ পঞ্জীয়নভুক্ত কেবাখনো ডাম্পাৰ গাড়ী ধুবুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মাটি, বালি আদি অন্যান্য সামগ্ৰী আদি জিলাখনৰ ভিতৰতে এখন ঠাইৰ পৰা অইন এখন ঠাইলৈ পৰিবহন কৰি ব্যৱসায় চলাই থকাত অসম চৰকাৰে যথেষ্ট ৰাজহৰ লোকচানৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে।
লগতে অসম চৰকাৰৰ যানবাহন চলাচলৰ ক্ষেত্ৰত থকা আইন আৰু নীতি-নিৰ্দেশনাও ঊলংঘন কৰা হৈছে বুলি স্থানীয় সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে। ইপিনে ধুবুৰী জিলা পৰিবহন বিষয়া পূৰৱী কলিতা আৰু একাংশ এনফোৰ্চমেণ্ট বিষয়াই এইক্ষেত্ৰত কিয় কঠোৰ স্থিতি গ্ৰহণ কৰা নাই বুলি ৰাইজে প্ৰশ্নও উত্থাপন কৰা দেখা গৈছে।
আনহাতে ভূটানৰ পঞ্জীয়নভুক্ত ডাম্পাৰ গাড়ী সমূহ ধুবুৰী জিলাত চলি থকা সময়ত কাৰোবাৰ সৈতে দুৰ্ঘটনা সংঘটিত কৰিলে সেই দুৰ্ঘটনাত আক্ৰান্ত লোক জনে বীমা আৰু অন্যান্য ক্ষতিপূৰণ পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে বুলি সচেতন মহলে মন্তব্য কৰিছে।
ইপিনে ধুবুৰীৰ গোলকগঞ্জৰ আকবৰ আলী নামৰ এজন শিক্ষিত যুৱকে আজি অভিযোগ কৰি ধুবুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূটানৰ পঞ্জীয়নভুক্ত ডাম্পাৰ গাড়ী সমূহ চলি থকাক লৈ গভীৰভাবে উদ্বেগ প্ৰকাশ কৰে। এইক্ষেত্ৰত তেওঁ ধুবুৰী জিলা প্ৰশাসনক কঠোৰ স্থিতি গ্ৰহণ কৰি ভূটানৰ পঞ্জীয়নভুক্ত ডাম্পাৰ গাড়ী সমূহৰ জৰিয়তে ধুবুৰী জিলাত মাটি, বালি আদিৰ পৰিবহন বন্ধ কৰাৰ বাবে আহ্বান জনাইছে।