আজিকোপতি ঘোষণা নহ'ল ধুবুৰী জিলা বিজেপিৰ সভাপতিৰ নাম...

ধুবুৰী জিলা বিজেপিৰ সভাপতি পদৰ দৌৰত আৰএছএছৰ জ্যেষ্ঠ নেতা প্ৰকাশ কালী, ধুবুৰীৰ আন এগৰাকী আৰএছএছ তথা বিজেপিৰ যুৱ নেতা অমিত চক্ৰৱৰ্তী আৰু জিলা বিজেপিৰ আন এগৰাকী সক্ৰিয় নেতা তথা আৰএছএছৰ নিষ্ঠাবান কৰ্মী বিশ্বজিৎ ৰায়ৰ নামটো বৰকৈ উচ্চাৰিত হৈ আছে।  

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
bb

ডিজিটেল সংবাদ,ধুবুৰী:   অসম প্ৰদেশ বিজেপিয়ে ৰাজ্য জুৰি নতুন কৈ জিলা বিজেপিৰ সভাপতিৰ নাম ঘোষণা কৰিলেও ধুবুৰী জিলা বিজেপিৰ সভাপতিৰ নাম ঘোষণা নোহোৱাক লৈ জিলা খনৰ ৰাজনৈতিক মহলত ব্যাপক জল্পনা-কল্পনা চলি থকা পৰিলক্ষিত হৈছে। ধুবুৰী জিলা বিজেপিৰ সভাপতি পদৰ দৌৰত আৰএছএছৰ জ্যেষ্ঠ নেতা প্ৰকাশ কালী, ধুবুৰীৰ আন এগৰাকী আৰএছএছ তথা বিজেপিৰ যুৱ নেতা অমিত চক্ৰৱৰ্তী আৰু জিলা বিজেপিৰ আন এগৰাকী সক্ৰিয় নেতা তথা আৰএছএছৰ নিষ্ঠাবান কৰ্মী বিশ্বজিৎ ৰায়ৰ নামটো বৰকৈ উচ্চাৰিত হৈ আছে।  

Advertisment

উল্লেখযোগ্য যে যোৱা ৩ জানুৱাৰীত ধুবুৰী জিলা বিজেপিৰ নতুন সভাপতি হিচাপে আৰএছ এছৰ জ্যেষ্ঠ নেতা প্ৰকাশ কালীৰ নামটো উচ্চাৰিত হৈছিল। অতি দক্ষ আৰু সকলোৰে মাজত অতিকৈ সুপৰিচিত জ্যেষ্ঠ নেতা প্ৰকাশ কালী জিলা বিজেপি ৰ সভাপতি হিচাপে বাছনি হোৱা বুলি ইতিমধ্যেই জিলা বিজেপিৰ বেছিভাগ কৰ্ম-কৰ্তাই ধৰি লৈছিল। কিন্তু পৰৱৰ্তীত জ্যেষ্ঠ নেতা প্ৰকাশ কালীৰ নামটো ঘোষণা কৰাৰ পৰা বিজেপিৰ ৰাজ্যিক কমিটীয়ে অনিৰ্দীষ্ট কালৰ বাবে স্থগিত ৰাখিব লগীয়া হৈছিল।

ইপিনে শেহতীয়াকৈ ধুবুৰী জিলা বিজেপিৰ এটা মহলত ধুবুৰী জিলা বিজেপিৰ সভাপতি পদটোৰ বাবে পুনৰ প্ৰকাশ কালীৰ নামটো উচ্চাৰিত হোৱা দেখা গৈছে। ইয়াৰ সমান্তৰাল কৈ বিজেপিৰ আন এগৰাকী যুৱ নেতা অমিত চক্ৰৱৰ্তীৰ নামটোও ধুবুৰী জিলা বিজেপিৰ সভাপতি পদৰ বাবে সমানে চৰ্চা হোৱা দেখা গৈছে। আনহাতে ভূ-ৰখা মহলৰ খবৰ অনুসৰি ধুবুৰী জিলা বিজেপিৰ সভাপতিৰ দৌৰত গোলকগন্জৰ বিশ্বজিৎ ৰায় ৰ নামটোও বেছ চৰ্চা লাভ কৰা দেখা গৈছে।

ইপিনে ধুবুৰী জিলা বিজেপিৰ নতুন সভাপতিৰ নাম ঘোষণা নোহোৱাত দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলেও গভীৰ উৎকণ্ঠাৰে বাট চাই থাকিব লগীয়া হৈছে। বিশেষ কৈ বিজেপিৰ ৰাজ্যিক কমিটীয়ে ধুবুৰী জিলা বিজেপিৰ সভাপতি পদটো চূড়ান্ত কৰাৰ পিচতে ৰাজ্য খনত অনুষ্ঠিত হ'ব লগীয়া আগন্তক পন্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰী জিলাত বিজেপিয়ে নতুন ৰণনীতি বা কৌশল অৱলম্বন কৰিব পাৰে বুলি ৰাজনৈতিক পৰ্যৱেক্ষক মহলে ধাৰণা কৰিছে।

ধুবুৰী