ধুবুৰী লোক জাগৰণ মঞ্চ অসমৰ উদ্যোগত প্ৰতিবাদী সমদল…

বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলাৰ অভিযোগত মঙলবাৰে ধুবুৰী লোক জাগৰণ মঞ্চ অসমৰ উদ্যোগত এক প্ৰতিবাদী সমদল উলিওৱা হয়...

author-image
Asomiya Pratidin
New Update
ুিুৰ

ডিজিটেল সংবাদ, ধুবুৰী : বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলাৰ অভিযোগত মঙলবাৰে ধুবুৰী লোক জাগৰণ মঞ্চ অসমৰ উদ্যোগত এক প্ৰতিবাদী সমদল উলিওৱা হয়। ‌কেইবা মাহ ধৰি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত বাংলাদেশী কট্টৰ মৌলবাদীৰ দ্বাৰা সনাতনী হিন্দুসকলৰ মাজত অব্যাহত থকা সাম্প্ৰদায়িক হিংসা, অমানৱীয় অত্যাচাৰ, ধৰ্ষণ, হিন্দু নিধন যজ্ঞ আৰু সাধু - সন্তসকলৰ ওপৰত যি অন্যায় অত্যাচাৰ চলাইছে তাক ৰোধ কৰাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 

Advertisment

উল্লেখযোগ্য যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ধুবুৰী জিলাতো আজি লোক জাগৰণ মঞ্চ অসমৰ ধুবুৰী জিলা সমিতিৰ  উদ্যোগত পুৱা ১১-০০  বজাত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত এখন প্ৰতিবাদী সভা আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়। ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা এই সমদলত কেবা শতাধিক পুৰুষ- মহিলা, যুৱক - যুৱতীয়ে অংশগ্ৰহণ কৰে। 

Xv

তেওঁলোকে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, হিন্দুৰ সুৰক্ষা নিশ্চিত কৰক আদি প্লে-কাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে ধ্বনিও দিয়ে।‌ সমদলৰ পূৰ্বে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়। এই সভাত কেবাজনো বক্তাই ভাষণ প্ৰদান কৰি বাংলাদেশ চৰকাৰে দেশখনৰ সংখ্যালঘু লোকসকলক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱা বুলি সমালোচনা কৰে।‌ 

আনকি ধৰ্মীয় গুৰুকো দেশখনৰ চৰকাৰে নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱা বুলি বক্তাসকলে ক্ষোভ প্ৰকাশ কৰে।‌ এই সমদলত লোক জাগৰণ মঞ্চৰ নেতৃবৃন্দৰ লগতে ৰামৰাইকুটী সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানী, ধুবুৰী গৌৰীয়া মঠৰ সভাপতি, লোক জাগৰণ মঞ্চৰ সদস্য ফনীন্দ্ৰ নাথ ৰায় আৰু সমাজকৰ্মী বিশ্বজিৎ ৰায় আদিয়েও অংশগ্ৰহণ কৰে।

protest