বৃটিছ শাসনকালৰ বহু ইতিহাস, মান-সন্মান ধৰি ৰখা ধুবুৰী উকীল সন্থাই পাৰ কৰিলে ১৪৪ টা বছৰ

মঙলবাৰে পুৱা ৯-৩০ বজাত ধুবুৰী উকীল সন্থাৰ পতাকা উত্তোলনেৰে ইয়াৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সেই মতে আজি ধুবুৰী উকীল সন্থাৰ পতাকা উত্তোলন কৰে ধুবুৰী উকীল সন্থাৰ সভাপতি এন আই চৌধুৰীয়ে

author-image
Asomiya Pratidin
New Update
xdfhf

ডিজিটেল সংবাদ, ধুবুৰী : ১৮৮০ চনৰ ১০ ডিচেম্বৰত স্থাপন হৈছিল ধুবুৰী উকীল সন্থা। ঐতিহ্যপূৰ্ণ ধুবুৰী উকীল সন্থাই পাৰ কৰিলে ১৪৪ টা বছৰ। বৃটিছ শাসনকালৰে পৰা বহু ইতিহাস, মান-সন্মান ধৰি ৰখা ধুবুৰী উকীল সন্থাই আজিৰ দিনটোতে ধুবুৰী উকীল সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু সংবিধান দিৱসৰ বাবে ব্যাপক প্ৰস্তুতি হাতত লৈছে। 

এই উপলক্ষে মঙলবাৰে পুৱা ৯-৩০ বজাত ধুবুৰী উকীল সন্থাৰ পতাকা উত্তোলনেৰে ইয়াৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সেই মতে আজি ধুবুৰী উকীল সন্থাৰ পতাকা উত্তোলন কৰে ধুবুৰী উকীল সন্থাৰ সভাপতি এন আই চৌধুৰীয়ে। 

ধুবুৰী উকীল সন্থাৰ সম্পাদক কামাল হুছেইন আহমেদে আঁত ধৰা পতাকা উত্তোলন কাৰ্যসূচীত ধুবুৰী উকীল সন্থাৰ ভালেসংখ্যক সদস্য উপস্থিত থাকে। উল্লেখ্য যে আজি ধুবুৰী উকীল সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু সংবিধান দিৱসৰ লগত সংগতি ৰাখি আলোচনা চক্ৰকে ধৰি বিভিন্ন কাৰ্যসূচীৰ হাতত লোৱা বুলি ধুবুৰী উকীল সন্হাৰ সম্পাদক কামাল হুছেইন আহমেদে জানিবলৈ দিয়ে।

অধিবক্তা ধুবুৰী