পাগলাহাট, কাচোখানাত বন বিভাগৰ অভিযান

ধুবুৰী বন বিভাগৰ সহকাৰী বন সংৰক্ষক চক্ৰপানি ৰায় আৰু ধুবুৰী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ আঞ্চলিক বন বিষয়া ছফিকুৰ ৰহমানে আজি পাগলাহাট এলেকাত ৰাইজৰ মাজত বন আৰু পৰিৱেশ সুৰক্ষাৰ ওপৰত সজাগতা অনাৰ প্ৰয়াস চলায়।

author-image
Asomiya Pratidin
New Update
সলৱ

ডিজিটেল সংবাদ,ধুবুৰীঃ   আজি ধুবুৰী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ আঞ্চলিক বন বিষয়া ছফিকুৰ ৰহমান, ধুবুৰীৰ বন সংৰক্ষণ ৰেঞ্জৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱেশ ৰায়ৰ উপস্থিতিত বন বিভাগৰ এটি দলে পাগলাহাট, কাচোখানা অঞ্চলত অভিযান চলায়। ধুবুৰী বন বিভাগৰ সহকাৰী বন সংৰক্ষক চক্ৰপানি ৰায়ৰ নেতৃত্বত চলা এই অভিযানত কাচোখানা অঞ্চলৰ পৰা এটি অবৈধ কাঠ ফলা কল জব্দ কৰি পিচত সেই অবৈধ কাঠ ফলা কল টো ভাঙি পেলায়।

Advertisment

ইপিনে উক্ত অবৈধ কাঠফলা কলটো চলাই থকা কাঠৰ চোৰাং বেপাৰীৰ দলটো উক্ত স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয় যদিও বন বিভাগৰ দলটোৱে অবৈধ কাঠ ফলা কলটোৰ সামগ্ৰীখিনি জব্দ কৰি ধুবুৰী লৈ আনে। স্থানীয় ৰাইজে ধুবুৰী বন বিভাগৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে।

আনহাতে ধুবুৰী বন বিভাগৰ সহকাৰী বন সংৰক্ষক চক্ৰপানি ৰায় আৰু ধুবুৰী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ আঞ্চলিক বন বিষয়া ছফিকুৰ ৰহমানে আজি পাগলাহাট এলেকাত ৰাইজৰ মাজত বন আৰু পৰিৱেশ সুৰক্ষাৰ ওপৰত সজাগতা অনাৰ প্ৰয়াস চলায়। উক্ত এলেকাৰ গাঁও বাসীক চোৰাং কাঠৰ বেহাত জড়িত লোকৰ খবৰ পালে লগে লগে ধুবুৰী বন বিভাগৰ সৈতে যোগাযোগ কৰাৰ বাবে আহ্বান জনায়।

ধুবুৰী