/asomiyapratidin/media/media_files/2025/01/13/oFM8OLbiT5PAcFnArDE4.jpg)
ডিজিটেল সংবাদ,ধুবুৰী: ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰঙামাটিত ৭ কোটি ৭৮ লাখ ৩ হাজাৰ ৭৫০ টকা বজাৰমূল্যৰ ড্ৰাগছ নষ্ট কৰে আৰক্ষীয়ে। ধুবুৰী জিলাৰ ৮ খন আৰক্ষী থানাৰ মুঠ ৮৮ টা গোচৰৰ ড্ৰাগছ দহন কৰে।
ধুবুৰী জিলাৰ ৮ খন আৰক্ষী থানা ক্ৰমে ধুবুৰী, গৌৰীপুৰ,গোলকগঞ্জ,আগমনী, তামাৰহাট,বিলাসীপাৰা, চাপৰ, সপটগ্ৰাম আৰক্ষী থানা এলেকাত জব্দকৃত ড্ৰাগছকে ধৰি বিভিন্ন ধৰণৰ নিষিদ্ধ নিচাজাতীয় দ্ৰব্য আজি ধুবুৰী জিলাৰ ৰঙামাটিত নষ্ট কৰে।
আঠখন থানা এলেকাত জব্দকৃত হিৰোইন ৯৭৮.২৪ গ্ৰাম, ব্ৰাউন সুগাৰ ১০৫৩.২৬ গ্ৰাম, গাঞ্জা ৫৩৩.৪৭৫ কেজি, টেবলেট ১৮২৫৬ হাজাৰ টা, কফচিৰাপৰ বটল ১৫০৯ টা বিনষ্ট কৰে আৰক্ষীয়ে।
ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক নবীন সিং, দণ্ডাধীশ, প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ বিষয়াৰ উপস্থিতিত ড্ৰাগছ খিনি নষ্ট কৰে ধুবুৰী আৰক্ষীয়ে। ড্ৰাগছৰ অধিক তীব্ৰতৰ অভিযান চলিব বুলি মন্তব্য কৰে ধুবুৰী আৰক্ষী অধীক্ষকে।