ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট সম্পৰ্কত ধুবুৰী জিলা বিজেপিৰ সংবাদমেল...

বিত্ত মন্ত্ৰী অজন্তা নেওগে বিধানসভাত ২০২৫-২৬ বৰ্ষৰ বাবে দাখিল কৰা বাজেট সম্পৰ্কত পূৰ্ণ সমৰ্থন জনাইছে ধুবুৰী জিলা বিজেপি সমিতিয়ে। এই সন্দৰ্ভত বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ত এখনি সংবাদমেল অনুষ্ঠিত কৰা হয়। 

author-image
Asomiya Pratidin
New Update
ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট সম্পৰ্কত ধুবুৰী জিলা বিজেপিৰ সংবাদমেল

ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট সম্পৰ্কত ধুবুৰী জিলা বিজেপিৰ সংবাদমেল

ডিজিটেল সংবাদ, ধুবুৰী : বিত্ত মন্ত্ৰী অজন্তা নেওগে বিধানসভাত ২০২৫-২৬ বৰ্ষৰ বাবে দাখিল কৰা বাজেট সম্পৰ্কত পূৰ্ণ সমৰ্থন জনাইছে ধুবুৰী জিলা বিজেপি সমিতিয়ে। এই সন্দৰ্ভত বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ত এখনি সংবাদমেল অনুষ্ঠিত কৰা হয়। 

Advertisment

বিত্তমন্ত্ৰী অজন্তা নেওগে একেৰাহে পঞ্চমবাৰৰ বাবে অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী হিচাপে বাজেট দাখিল কৰি ইতিহাস ৰচনা কৰাৰ পৰিপ্ৰেক্ষিতত ধুবুৰী জিলা সমিতিৰ তৰফৰ পৰা তথা নৱনিযুক্ত জিলা সভাপতি ৰঞ্জিৎ কুমাৰ ৰায়ে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। সংবাদমেলত উপস্থিত থাকি দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, প্ৰাক্তন জিলাৰ সভাপতি তথা ধুবুৰী পৌৰসভাৰ পৌৰপতি ডা০ দেৱময় স্যান্যালে বাজেটৰ সন্দৰ্ভত বিতংভাৱে আলোকপাত কৰে। 

বিশেষকৈ মহিলা সৱলীকৰণ, যুৱক-যুৱতীসকলৰ বিকাশ, ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধন, আধুনিক উন্নত উদ্যোগীকৰণৰ বিকাশ আদিৰ লগতে অসমক সৰ্বব্যাপী উন্নয়নৰ শিখৰলৈ ধাৱমানৰ লক্ষ্যৰে দাখিলকৃত এক উন্নয়নমুখী আৰু সৰ্বসাধাৰণৰ গ্ৰহণযোগ্য বাজেট বুলি উল্লেখ কৰে। সমগ্ৰ অসমৰ লগতে বাজেটৰ  কিছু অংশই বিশেষভাৱে ধুবুৰীক চুই যোৱাত সন্তুষ্ট প্ৰকাশ কৰে। 

আগন্তুক দিনত এই বাজেটত উল্লেখিত লক্ষ্যসমূহ প্ৰতিষ্ঠা কৰি আত্মনিৰ্ভৰ অসম গঢ়ি তুলি ৰাষ্ট্ৰৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্যৰ আসন দখল কৰিবলৈ সক্ষম হ'ব বুলিও নিশ্চিতি প্ৰকাশ কৰে । আজিৰ এই সংবাদমেলত কাৰ্যকৰ্তা বিশ্বজিত ৰায়, জিলাৰ উপ সভাপতিদ্বয় ৰঞ্জিতা আগৰৱালা আৰু দেৱপ্ৰসাদ সিংহও উপস্থিত থাকে।

বিজেপি