ৰাজ্যজুৰি চলি থকা উচ্ছেদৰ সমৰ্থনত ধুবুৰীত জিলা বিজেপিৰ শোভাযাত্ৰা

ৰাজ্যজুৰি চলি থকা উচ্ছেদৰ সমৰ্থনত আজি ধুবুৰী জিলা বিজেপিয়ে জিলাখনৰ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ নেতৃত্বত ধুবুৰী চহৰত এক শোভাযাত্ৰা উলিয়ায়।

author-image
Tushar Pratim
New Update
ৰাজ্যজুৰি চলি থকা উচ্ছেদৰ সমৰ্থনত ধুবুৰীত জিলা বিজেপিৰ শোভাযাত্ৰা

ডিজিটেল সংবাদ ধুবুৰীঃ ৰাজ্যজুৰি চলি থকা উচ্ছেদৰ সমৰ্থনত আজি ধুবুৰী জিলা বিজেপিয়ে ধুবুৰী চহৰত এক শোভাযাত্ৰা উলিয়ায়। আজি বিয়লি প্ৰায় ৪ বজাত ধুবুৰী জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ নেতৃত্বত বিজেপিৰ কৰ্ম-কৰ্তা সকলে জিলা বিজেপিৰ দলীয় কাৰ্যালয়ৰ পৰা এখন শোভাযাত্ৰা উলিয়াই ধুবুৰী চহৰৰ পাঁচমোৰ এলেকাত আহি সমবেত হয়।

Advertisment

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক  ধন্যবাদ জ্ঞাপন কৰি ধুবুৰী জিলা বিজেপিয়ে এই শোভাযাত্ৰা উলিয়ায়। খিলঞ্জীয়াৰ ভূমি বেদখল নচলিব,খিলঞ্জীয়াৰ জীৱন সুৰক্ষা আমাৰ পন, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি শ্লোগানেৰে জিলা বিজেপিৰ নেতৃবৃন্দৰ সৈতে শ শ সমৰ্থক, ৰাইজ ৰাজ পথলৈ ওলাই অহা পৰিলক্ষিত হয়।

উচ্ছেদ বিজেপি