ধুবুৰীৰ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত ৫জনীয়া তদন্তকাৰী দল

তদন্তকাৰী দলটোৱে আজি ধুবুৰী জিলাৰ কেইবাজনো খণ্ড উন্নয়ন বিষয়া, সমবায় সমিতিৰ লগতে সুলভ মূল্যৰ দোকানী আৰু ডিলাৰ সকলকো তদন্তৰ বাবে ধুবুৰী যোগান বিভাগৰ কাৰ্যালয়ত মাতি আনে বুলি সূত্ৰটোৱে ব্যক্ত কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত উপস্থিত হয় গুৱাহাটীস্থিত অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পাঁচ জনীয়া তদন্তকাৰী দল । দৰিদ্ৰ লোকৰ বাবে যোগান ধৰা ৰেচন কাৰ্ড আৰু ৰাজহুৱা বিতৰন ব্যৱস্থাৰ যোগেদি সামগ্ৰীৰ বিতৰনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু খেলিমেলি হোৱাৰ ৰাজহুৱা অভিযোগ উল্থাপন হোৱাৰ পিচতে গুৱাহাটীস্থিত বিভাগৰ এটি পাঁচ জনীয়া দল শনিবাৰে ধুবুৰীত আহি উপস্থিত হয়।

Advertisment

অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যুটীয়া সঞ্চালক বিপুল তালুকদাৰৰ নেতৃত্বত অহা পাঁচ জনীয়া দলটোৱে ধুবুৰীৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত ৰেচন কাৰ্ডৰ বিতৰন আৰু ৰাজহুৱা বিতৰন ব্যৱস্থাত উল্থাপিত অভিযোগ বোৰৰ সত্যাসত্যৰ তদন্ত কৰাৰ বাবে আজি ৰাতিপুৱাৰে পৰা ধুবুৰীস্থিত কাৰ্যালয়টোত তদন্ত চলাই যোৱাৰ কথা এটি নিৰ্ভৰ যোগ্য সূত্ৰই সদৰী কৰিছে।

উল্লেখযোগ্য যে অসম চৰকাৰে যোগান বিভাগটোক অধিক সক্ৰিয় কৰি তোলাৰ অৰ্থে ৰাজহুৱা বিতৰন ব্যৱস্থাৰ চাউল, আটাৰ বিতৰনত দৰিদ্ৰ হিতাধিকাৰী ৰাইজে কোনো ধৰণৰ সমস্যাৰ সম্মুখীন হ'ব লগা নহয় তাৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল । ইয়াৰ পিচতো ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা(এটা অংশ)ত ৰাজহুৱা বিতৰন ব্যৱস্থাত চৰম দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উল্থাপিত হোৱাত অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সঞ্চালকে যোৱা ২৯ নৱেম্বৰত এক নিৰ্দেশ যোগে তৎকালে বলৱৎ হোৱাকৈ ধুবুৰীৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীক্ষক অশোক কুমাৰ শৰ্মাক নিলম্বন কৰিছিল। ইপিনে অশোক কুমাৰ শৰ্মাক নিলম্বন কৰিয়ে ক্ষান্ত নাথাকি বিভাগটোৰ গুৱাহাটীস্থিত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যুটীয়া সঞ্চালক বিপুল তালুকদাৰৰ নেতৃত্বত অহা পাঁচ জনীয়া দল টোৱে আজি পুৱাৰে পৰাই ধুবুৰীস্থ যোগান বিভাগৰ কাৰ্যালয়ত তদন্ত প্ৰক্ৰিয়া চলাই গৈছে।

তদন্তকাৰী দলটোৱে আজি ধুবুৰী জিলাৰ কেইবাজনো খণ্ড উন্নয়ন বিষয়া, সমবায় সমিতিৰ লগতে সুলভ মূল্যৰ দোকানী আৰু ডিলাৰ সকলকো তদন্তৰ বাবে ধুবুৰী যোগান বিভাগৰ কাৰ্যালয়ত মাতি আনে বুলি সূত্ৰটোৱে ব্যক্ত কৰিছে। বিয়লি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পাঁচ জনীয়া তদন্তকাৰী দলটোৱে গুৱাহাটীলৈ ৰাওনা হৈ সাংবাদিকৰ আগত এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

উল্লেখযোগ্য যে ধুবুৰী জিলা আয়ুক্তই যোৱা ৩০ নৱেম্বৰত এক নিৰ্দেশ যোগে চিঠি নং ডিপিই ২৬/ ২০২১/১৫৩ মৰ্মে ধুবুৰীৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ৰ কেইবাগৰাকী কৰ্মচাৰীক বদলি কৰিছিল। এনে ক্ষেত্ৰত ধুবুৰীৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত ৰাইজক ৰেচন কাৰ্ড যোগান ধৰাৰ নামত আৰু ৰাজহুৱা বিতৰন ব্যৱস্থাৰ যোগেদি হোৱা অনিয়ম তথা খেলিমেলিৰ সন্দৰ্ভত ঊৰ্ধতম কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।

ধুবুৰী