/asomiyapratidin/media/media_files/2025/04/03/p8SmSZbVyfKxRrmRbynF.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ধুবুৰী জিলা প্ৰশাসনেও পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰ হোৱা দেখা গৈছে। এই সন্দৰ্ভত আজি ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে এখন সংবাদমেলৰ আয়োজন কৰে।
ধুবুৰী জিলাৰ মুঠ ১২৮ খন গাঁও পঞ্চায়তৰ লগতে ২০ খনকৈ জিলা পৰিষদ আৰু ১০ খন আঞ্চলিক পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি জিলা আয়ুক্ত গৰাকীয়ে সংবাদমেলত সদৰী কৰে। তদুপৰি জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ১০,৪৩,১৯৩ জন বুলি জানিবলৈ দিয়ে।
নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা প্ৰাৰ্থীয়ে ধুবুৰী সদৰৰ ধুবুৰী গ্ৰাম্য উন্নয়ন আঁচনিৰ কাৰ্যালয়, ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়, ধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়, বিলাসীপাৰা সমজিলা কাৰ্যালয় আৰু গোলকগঞ্জ সমজিলা কাৰ্যালয়ৰ পৰা মনোয়ন পত্ৰ সংগ্ৰহ কৰি উক্ত কাৰ্যালয় সমূহত প্ৰাৰ্থীয় মনোনয়ন পত্ৰ জমা দিব লাগিব।
আনহাতে জিলা খনৰ ধুবুৰী, বিলাসীপাৰা আৰু গোলকগঞ্জত এই তিনিটাকৈ স্থানত থাকিব ষ্ট্ৰংৰূম।জিলাখনৰ ১৪৬৫ টাকৈ ভোট কেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে।