/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/862e4db3-4af1-47ba-b83d-dce050ea9c5d/dhuburi_18.jpg)
dhuburi
ডিজিটেল সংবাদ ধুবুৰীঃ পৰিবেশ অনুকূলে দূৰ্গাপূজা উদযাপনৰ বাবে ধুবুৰী জিলাৰ পূজা সমিতিসমূহক আহ্বান জনাইছে ধুবুৰী জিলা প্ৰশাসনে৷ ধুবুৰী জিলা উপায়ুক্ত অন্বামুথান এম পিৰ অধ্যক্ষতাত যোৱা শুকুৰবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ধুবুৰী মহকুমাৰ ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, তামাৰহাট আদি স্থানৰ পূজা সমিতিসমূহৰ সৈতে জিলা প্ৰশাসনৰ এখন বৈঠক অনুষ্ঠিত হয়৷
বৈঠকত জিলা উপায়ুক্তই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নিশা ১০ বজাৰ পৰা পিছদিনা পুৱা ৮ বজালৈ উচ্চ প্ৰাৱল্যৰ শব্দ যন্ত্ৰ ব্যৱহাৰ নকৰিবলৈ সকলো পূজা সমিতিক আহ্বান জনায়৷ তেওঁ লগতে পূজা মণ্ডপ সজোৱাত থাৰ্ম'ক'ল আদি প্ৰদূষণ সৃষ্টিকাৰী সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই আৰু সকলো পূজা সমিতিক স্থানীয় আৰক্ষী থানাৰ পৰা দূৰ্গা পূজা সম্পৰ্কীয় অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনাৰ প্ৰতিলিপি সংগ্ৰহ কৰি সেইবোৰ মানি চলিবলৈ কয়৷
বৈঠকত উপস্থিত থকা জিলা আৰক্ষী অধীক্ষক অভিজিত গুৰাৱে কয় যে, প্ৰতিখন পূজা সমিতিয়ে স্থানীয় আৰক্ষী থানাত পূজা অনুষ্ঠিত কৰাৰ বিষয়ে জনাব লাগিব৷ পূজা সমিতিসমূহে অগ্নি নিৰ্বাপন, আন কাৰিকৰী সুৰক্ষাৰ বিষয়সমূহ মানি চলিব লাগিব৷ সকলো পূজা মণ্ডপত পৰ্যাপ্ত স্বেচ্ছাসেৱক থাকিব লাগিব আৰু তেওঁলোকৰ সবিশেষ সমিতিয়ে থানাত দিব লাগিব৷
সকলো পূজা মণ্ডপত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিবলৈ, পৰ্যাপ্ত প্ৰৱেশ-প্ৰস্থান পথ ৰাখিবলৈ, বিদ্যুতৰ বাবে বিকল্প হিচাপে জেনেৰেটৰ আদিৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তই কয়৷ তেওঁ প্ৰতিখন পূজা মণ্ডপত চিচি কেমেৰা সংস্থাপনৰ বাবেও সমিতিসমূহক আহ্বান জনায়৷
পূজাৰ দিনকেইটাত ৰাইজৰ সহায়ৰ বাবে জিলা প্ৰশাসনে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিব৷ বৈঠকত বিজয়া দশমীৰ বিষয়েও আলোচনা কৰা হয়৷ যিহেতু এইবাৰ কোভিড বিধি নাই সেয়ে দশমীৰ সমদলৰ ক্ষেত্ৰতো জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনোধৰণৰ বাধা আৰোপ কৰা হোৱা নাই৷ কেৱল শৃংখলাবদ্ধভাৱে আৰু শান্তিপূৰ্ণভাৱে যাতে দশমীৰ সমদল আৰু প্ৰতিমা বিসৰ্জন হয় তাক নিশ্চিত কৰিবলৈ পূজা সমিতিসমূহক জিলা প্ৰশাসনে আহ্বান জনায়৷
জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সমগ্ৰ ধুবুৰীবাসী ৰাইজক পূৰ্বৰ দৰে শান্তি-সম্প্ৰীতি অক্ষুন্ন ৰাখি, উৎসাহ-উদ্দীপনাৰ মাজেৰে দূৰ্গাপূজা উদযাপন কৰিবলৈ আহ্বান জনায়৷ বৈঠকত অতিৰিক্ত উপায়ুক্ত ক্ৰমে নিত্য বিনোদ ৱাৰী, মানস শইকীয়া, ধ্ৰুৱজ্যোতি দাস, কেবাজনো ৰাজহ চক্ৰ বিষয়া, সহকাৰী আযুক্ত, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল, সমাজসেৱক প্ৰসেনজিৎ দত্ত প্ৰমুখ্যে পূজা সমিতিসূহৰ বিষয়ববীয়া সকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া উপস্থিত থাকে৷