ধুবুৰীত চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযানঃ এজনক আটক

আজি ফকিৰগঞ্জ আৰক্ষীৰ সহযোগত গুজৰাট আৰক্ষীৰ দলটোৱে উক্ত ফোন কৰোতা জনক অৰ্থাৎ অভিযুক্ত জাহাঙ্গীৰ আলম খানক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
1 gujrat

ডিজিটেল সংবাদ,ধুবুৰী:  চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই আজি ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষীৰ সহযোগত সুদূৰ গুজৰাটৰ পৰা অহা গুজৰাট আৰক্ষীৰ এটি দলে ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত নস্কৰা গাঁৱৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

ধৃত যুৱক জনক নস্কৰা গাঁৱৰ জনাব আলীৰ পুত্ৰ জাহাঙ্গীৰ আলম খান বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি মতে, গুজৰাটৰ নৱসাৰি জিলাৰ ভান্সদা থানাত প্ৰভান শংকৰ মাহালা নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত আৰক্ষী উপ-পৰিদৰ্শক দিলীপভাই মিঠলভাইয়ে এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

গুজৰাটৰ ভান্সদা থানা এলেকাৰ প্ৰভান শংকৰ  মাহালাই অভিযোগ কৰা অনুসৰি, যোৱা ২০২৪ চনৰ ২৮ মাৰ্চত পুৱা প্ৰায় ৯ বজাত ৭০০২৭৮৭০৩৫ নম্বৰৰ পৰা তেওঁলৈ এটা ফোন আহিছিল। ফোন কৰোঁতাই তেওঁক শ্বেয়াৰ বজাৰত টকা বিনিয়োগ কৰিবলৈ উৎসাহ যোগাইছিল।

ফোন কৰোতা জনৰ  প্ৰলোভনত পৰি মাহালাই “গ’ল্ডেন ষ্টকছ শ্বেয়াৰিং” নামৰ এখন ভুৱা ৱেবছাইটৰ জৰিয়তে অনলাইন ফৰ্ম পূৰণ কৰি প্ৰথমতে ৫০,০০০ টকা বিনিয়োগ কৰিছিল। পিছলৈ ২০২৪ চনৰ ৫ এপ্ৰিলত একে নম্বৰৰ পৰা আকৌ তেওঁলৈ ফোন আহিছিল আৰু অধিক লাভৰ আশ্বাস দি পুনৰ ৪১,০০০ টকা এক্সক্লুইছিভ-ইএছএম.কম  নামৰ আন এটা ৱেবছাইটত টকা বিনিয়োগ কৰিবলৈ কৈছিল।

পিচত এয়া ঠগবাজি বুলি বুজিব পাৰি মাহালাই গুজৰাটৰ ভান্সদা থানাত উক্ত ফোন কৰোতা জনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। পৰৱৰ্তীত সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৪২০, ১২০(বি), ৩৪ আৰু আই. টি. আইন ৬৬(চি) আৰু ৬৬(ডি) ধাৰাৰ অধীনত ০১৯৯/২০২৫ নম্বৰৰ এক গোচৰ ৰুজু কৰিছিল।

আনহাতে উক্ত মোবাইল নম্বৰটোৰ বিৰুদ্ধে গুজৰাট আৰক্ষীয়ে তদন্ত চলাই উক্ত মোবাইল নম্বৰটো অসমৰ ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ পৰা পৰিচালিত হোৱা বুলি জানিব পাৰি গুজৰাট আৰক্ষীৰ দলটো যোৱা ১৯ মে'ত  অসমলৈ আহিছিল।

 ইয়াৰ পিচত গুজৰাটৰ ভান্সদা আৰক্ষী থানাৰ আৰক্ষীৰ দলটোৱে উক্ত ফোন কলৰ অনুসন্ধান অব্যাহত ৰাখি আৰক্ষীৰ দলটোৱে কালি ধুবুৰী জিলাৰ ফকিৰগঞ্জত আহি উপস্থিত হৈছিল। পিচত আজি ফকিৰগঞ্জ আৰক্ষীৰ সহযোগত গুজৰাট আৰক্ষীৰ দলটোৱে উক্ত ফোন কৰোতা জনক অৰ্থাৎ অভিযুক্ত জাহাঙ্গীৰ আলম খানক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সমগ্ৰ ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

চাইবাৰ অপৰাধ