/asomiyapratidin/media/media_files/2025/02/20/xISwAhgmp5MovD6wVIzp.jpg)
ডিজিটেল সংবাদ,ধুবুৰী: কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই কৰা আক্ৰমণ সন্দৰ্ভত আজি জিলা কংগ্ৰেছ সভাপতি আবেদুৰ জামানে সংবাদ মাধ্যমৰ আগত কয়, বিজেপিয়ে গুণ্ডাৰাজ চলাইছে। আজি বিয়লি ধুবুৰী ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানৰ নেতৃত্বত জিলা কংগ্ৰেছৰ কৰ্ম-কৰ্তা সকলে ধৰ্না কাৰ্যসূচীৰে বিক্ষোভ প্ৰদৰ্শন কৰে। পিচত জিলা কংগ্ৰেছৰ কৰ্ম-কৰ্তা সকলে অসম চৰকাৰ হায়, হায়, হিমন্ত বিশ্ব শৰ্মা হায়, হায় আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।