ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিক ভাৱে হ্ৰাস হৈ পৰাত ব্ৰহ্মপুত্ৰৰ অস্তিত্বক লৈও সংকটে দেখা দিছে। ধুবুৰী চহৰৰ নিচেই কাষেৰে বৈ যোৱা সুবিশাল ব্ৰহ্মপুত্ৰত এতিয়া বালিৰ চৰেৰে ভৰি পৰিছে। ব্ৰহ্মপুত্ৰ নৈৰ পানী একেবাৰে শুকাই যোৱাত গোটেই নৈ এলেকাতে বালিৰ চৰ হে দেখিবলৈ পোৱা গৈছে। ইপিনে ব্ৰহ্মপুত্ৰৰ পানী একেবাৰে শুকাই যোৱাত ব্ৰহ্মপুত্ৰৰ নদী পথত চলাচল কৰি অহা মালবাহী আৰু যাত্ৰীবাহী নাও সমূহৰ চলাচলতো যথেষ্ট অসুবিধাই দেখা দিছে।
এই পৰিপ্ৰেক্ষিততে ভাৰত চৰকাৰৰ তৎপৰতাত নদী পথেৰে চলাচল কৰা নাও, জাহাজ আদিৰ চলাচলত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে ব্ৰহ্মপুত্ৰত খনন কাৰ্য কৰাৰ বাবে এক উদ্যোগ হাতত লৈছে। সেইমতে শুকুৰবাৰ নিশাৰ পৰা ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত খনন কাৰ্য আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে।
মুম্বাইৰ 'ধৰতি ড্ৰেজিং এণ্ড ইনফ্ৰাছট্ৰেক চাৰ' নামৰ এটি প্ৰতিষ্ঠানক ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য কৰাবলৈ এই দায়িত্ব দিয়া হৈছে। সেইমতে ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত খনন চলোৱাৰ বাবে মুম্বাইৰ ধৰতি ড্ৰেজিং এণ্ড ইনফ্ৰাছট্ৰেকচাৰে বাংলাদেশৰ পৰা তিনি খন কৈ ড্ৰেজাৰ আৰু চাৰি খন জাহাজত (বাংলাদেশৰ) নৈৰ খননৰ বাবে প্ৰকাণ্ড প্ৰকাণ্ড পাইপ কে ধৰি অন্যান্য সা-সামগ্ৰী সমুহ প্ৰায় ১৫ দিন পূৰ্বে ধুবুৰীলৈ লৈ আনিছিল।
ইপিনে বাংলাদেশৰ পৰা অনা চাৰি খন জাহাজত বাংলাদেশৰ জাহাজৰ কৰ্মচাৰী আছে ১৩ জন । জনা মতে বাংলাদেশৰ পৰা অহা ৪ খন জাহাজে নৈৰ খননৰ বাবে কঢ়িয়াই অনা সামগ্ৰী সমুহ ধুবুৰীত থৈ বাংলাদেশ লৈ গুচি যোৱাৰ কথা আছিল। কিন্তু নৈৰ খনন কাৰ্য কালি অৰ্থাৎ শুকুৰবাৰে নিশাৰ পৰা আৰম্ভ হোৱাত উক্ত খনন কাৰ্য শেষ হওঁতে প্ৰায় এমাহ সময় লাগিব পাৰে বুলি ধাৰণা কৰা হৈছে।
ইপিনে বাংলাদেশত সম্প্ৰতি চলি থকা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ জাহাজত অহা শ্বাখাৱাত হুছেইন নামৰ এগৰাকী জাহাজৰ কৰ্মচাৰীয়ে আজি কয় যে তেওঁলোকে নৈৰ মাজত জাহাজতে থাকি দিন অতিবাহিত কৰিব লগা হৈছে যদিও তেঁওলোকৰ ইয়াত কোনো অসুবিধা বা সমস্যাৰ সন্মুখীন হোৱা নাই। ইপিনে ইস্ক'নৰ নেতা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাক লৈ বাংলাদেশী জাহাজ কৰ্মচাৰী জনে কয় যে চিন্ময় কৃষ্ণ দাসক মুকলি কৰি দিব লাগে।