ক্ষমা নুখুজিলে ধুবুৰীত গৌৰৱ গগৈৰ প্ৰৱেশ নিষেধঃ ৰঞ্জিত দাস

বিজেপিয়ে গৌৰৱ গগৈ মূৰ্দাবাদ, কংগ্ৰেছৰ গুণ্ডগিৰি নচলিব আদি ধ্বনিৰে ধুবুৰীৰ আকাশ-বতাহ উত্তাল কৰি তোলে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ধুবুৰীঃ  অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোলাঘাটত কংগ্ৰেছ দলে কৰা আক্ৰমণৰ বিৰুদ্ধে আজি ধুবুৰী চহৰৰ পাঁচমোৰ এলেকাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধুবুৰী জিলা কমিটীৰ উদ্যোগত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

গোলাঘাটত মুখ্যমন্ত্ৰীৰ কণভয়ত পানীৰ বটল নিক্ষেপ কৰাক লৈ আজি এই  প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। বিজেপিয়ে গৌৰৱ গগৈ মূৰ্দাবাদ, কংগ্ৰেছৰ গুণ্ডগিৰি নচলিব আদি ধ্বনিৰে ধুবুৰীৰ আকাশ-বতাহ উত্তাল কৰি তোলে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস।

 প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি গৌৰৱ গগৈক ক্ষমা খোজাৰ দাবী জনাই মন্ত্ৰী গৰাকীয়ে। লগতে মুখ্যমন্ত্ৰীক বটল দলিওৱা ঘটনাক লৈ গৌৰৱ গগৈয়ে ক্ষমা নুখুজিলে ধুবুৰীত গৌৰৱ গগৈৰ প্ৰৱেশ নিষিদ্ধৰ ঘোষণা কৰে মন্ত্ৰী ৰঞ্জিত দাসে।

ৰঞ্জিত দাস