/asomiyapratidin/media/media_files/2025/04/19/7fdsFKJ1CGeZGd1lvDUP.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ শুকুৰবাৰে ধুবুৰী জিলাৰ শিকাৰীটাৰীত সংঘটিত হয় নিৰ্বাচন কেন্দ্ৰীক হিংসাত্মক ঘটনা। জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়ক দলবদ্ধভাৱে আক্ৰমণ কৰে। ঘটনা সন্দৰ্ভত জিলা বিজেপিয়ে কালি সন্ধিয়া গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে আৰক্ষীয়ে দুজন লোকক আটক কৰা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, নিৰ্বাচনী প্ৰচাৰ চলাই ওভতাৰ পথত ধুবুৰী জিলা বিজেপিৰ সভাপতিৰ বলেৰ' বাহনখনে এটা ভেৰাক খুন্দা মৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মটেৰঝাৰৰ পৰা গৌৰীপুৰ অভিমুখী আহি থকা সময়তেই নিৰ্মীয়মান শিকাৰীটাৰী ১২৭(বি) ৰাষ্ট্ৰীয় ঘাইপথত জিলা বিজেপিৰ সভাপতিৰ বলেৰ' বাহন খনে এট ভেৰাক খুন্দা মাৰে।
প্ৰায় ১৫ কিলোমিটাৰ পথ শিকাৰীটাৰীৰ পৰা বাইকলৈ ১৪-১৫ জনীয়া এটি যুৱকৰ দলে বিজেপি সভাপতিৰ বাহনৰ পিছ লয়। যুৱকৰ দলটোৱে গৌৰীপুৰৰ চৌৰাঙ্গীমোৰ বজাৰত জিলা বিজেপিৰ বাহনখন আগভেটি ধৰি ৰঞ্জিত ৰায়ক প্ৰাণে মৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছে ৰায়ে। লগে লগে ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়ক উদ্ধাৰ কৰে।
উক্ত ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে গৌৰীপুৰত। এই পৰ্যন্ত ঘটনাৰে জড়িত দুজনক আটক কৰিছে গৌৰীপুৰ আৰক্ষীয়ে। আটক হোৱা দুজন ক্ৰমে, বানীয়ামাৰী গাঁৱৰ আশিক ইকবাল আৰু দেবত্তৰ হাসদহ গাঁৱৰ আনোৱাৰ আলী বুলি জানিব পৰা গৈছে। বিজেপিৰ প্ৰতীক চিহ্ন দেখিয়েই গাড়ীত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ কৰ্মী সকলে।